দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা নিমিষা ঠাকুৰীয়াৰ শৰীৰত একাধিক আঘাতৰ চিহ্ন আছে। ইয়াৰ ফলত এয়া হত্যাকাণ্ড বুলি সন্দেহ গাঢ় হৈছে। নিমিষাৰ মুখমণ্ডলৰ লগতে দেহৰ বিভিন্ন অংশত আঘাতৰ চিন থকা বুলি পৰিয়ালৰ লোকেও দাবী কৰিছে। দণ্ডাধীশে মৃতদেহৰ পৰীক্ষাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদনৰ উদ্ধৃতি দি সূত্রই কয় যে ছাত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানৰ গুৰুতৰ আঘাতৰ চিন স্পষ্ট।
তেওঁৰ মুখমণ্ডল, মূৰ, হাত আৰু শৰীৰৰ গোপন অংগত আঘাতৰ চিন আছে বুলি আৰক্ষীয়ে কয়। সেয়েহে ইয়াক হত্যাকাণ্ড বুলিও সন্দেহ কৰা হৈছে। ইতিমধ্যে নিমিষাৰ বন্ধু তথা মূল অভিযুক্ত আছিক আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে ‘ৰুদ্ৰজ কিটচেন’ৰ গৰাকী জয়ন্ত সাথীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
মৃতদেহ পৰীক্ষা কৰা এজন লোকে কয়, ‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি মৃতদেহটো চালো। শৰীৰৰ কে’বা ঠাইতো আঘাতৰ চিন আছে। মুখত, গালত আঘাতৰ দাগ আছে। গালখন ফুলি আছে। কপালতো আঘাতৰ দাগ আছে। শৰীৰৰ গোপন অংশত, হাততো দাগ আছে। বৰ দুখৰ বিষয়। এনেকুৱাকৈ মাৰিছে যে ভাবিব নোৱাৰি। ওঁঠতো ঘোচা মাৰিছিল বোধহয়। গাল আৰু ওঁঠৰে তেজ ওলাই আছিল।’
কি ক’লে আৰক্ষীয়ে
আৰক্ষী বিষয়াই জনোৱা মতে এই মাহত পাঁচবাৰ ৰুদ্ৰজ হোম স্টেলৈ আহিছিল নিমিষা আৰু আছিক। এইবাৰ প্রয়োজনীয় আধাৰ কার্ডো হোম ষ্টেৰ কৰ্তৃপক্ষই লোৱা নাই। আৰক্ষী বিষয়াজনে কয়, ‘এই মাহত পাঁচবাৰ আহিছে। এইবাৰ আধাৰ কার্ডো লোৱা নাই। ব্যৱস্থা লোৱা হ’ব। এতিয়ালৈকে আমি মূল অভিযুক্ত আছিক আলীক গ্ৰেপ্তাৰ কৰিছো। মালিককো সোধপোছৰ বাবেও আনিছো। কোঠাত দুয়ো আছিল।’
এপিএছ বিষয়াজনে জনোৱা মতে হোম ষ্টেৰ ঘৰটো স্থানীয় লোকৰ। জয়ন্ত সাথী নামৰ লোকজনক প্রতিমাহে এক লাখ ৩০ হেজাৰ টকাকৈ ভাড়াৰ বাবদ হোম ষ্টে চলাবলৈ দিয়া হৈছিল ঘৰটো। আছিক আলীক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰি এপিএছ বিষয়াজনে কয়, ‘কালিয়ে আছিক আলীক গ্ৰেপ্তাৰ কৰা হয়। সিও হাস্পতাললৈ গৈছিল।’ আৰক্ষীয়ে কয় যে পুৱতি নিশা প্রায় ৪-৩০ বজাত নিমিষাক তিনিজন যুৱকে গড়ল পিএইছচিত ভর্তি কৰায়। তেওঁক অচেতন অৱস্থাত ভর্তি কৰা হৈছিল। পাছত তেওঁক জিএমচিএইছলৈ নিয়া হয় যদিও তাত চিকিৎসকে মৃত ঘোষণা কৰে।
আৰক্ষী বিষয়াজনে কয়, ‘আছিক আলীয়ে কোৱা মতে ছোৱালীজনীয়ে ফেনত চিপজৰী লৈছিল। এই কথা সঁচা নে মিছা সেয়া আমি পৰীক্ষা কৰি আছো। আমি কাৰো কথা বিশ্বাসত লোৱা নাই। তদন্তত সকলো কথা পোহৰলৈ আহিব। দুয়োৰে মাজত হয়তো ভালপোৱাৰ সম্পৰ্ক আছিল। আমি আছিকৰ কথাও বিশ্বাস কৰা নাই। সকলো চালিজাৰি চাই ক’ম। হোম ষ্টে সম্পর্কতো অধিক তদন্ত কৰা হ’ব। ছোৱালীজনীৰ বয়স ২২ বছৰ আৰু ল’ৰাটোৰ ২৬ বছৰ বয়স।
মোৰ ছোৱালীক ধৰ্ষণ কৰিছে
নিমিষাৰ মৃতদেহ কান্ধত কঢ়িয়াই নিয়া অৱস্থাত পিতৃয়ে কয়, ‘মোৰ ছোৱালীক শ্মশানলৈ লৈ গৈছো যেতিয়া সিহঁতো জীয়াই থাকিব নোৱাৰে। এই ঘটনা এজনে কৰিব নোৱাৰে। দলবদ্ধ ধৰ্ষণ কৰিছে মোৰ ছোৱালীক। গোটেই শৰীৰত দাগ আছে। মই ইয়াক দলবদ্ধ ধৰ্ষণৰ ঘটনা বুলি ভাবো। ইয়াৰ এক তদন্ত হ’ব লাগে। উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো।’ ইপিনে, এই ঘটনাক লাভজেহাদ আখ্যা দি স্থানীয় ৰাইজে প্রতিবাদ সাব্যস্ত কৰে আৰু ঘাইপথ অৱৰোধ কৰে।































