Doboka Major Accident :
হোজাইৰ নীলবাগানত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দলংঙৰ ৰেলিঙত খুন্দা তীব্ৰ বেগী চুইফ্ট বাহনৰ। থিতাতে নিহত এএছ০২-ডব্লিঅ-৬৪৩৯ নম্বৰৰ বাহনখনত থকা তিনিগৰাকী আৰোহী। হোজাইৰ নীলবাগানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱা তিনিজনৰ ভিতৰত প্ৰথমাৱস্থাত এজনক হাফলঙৰ ৰাহুল ডিব্ৰাগেডে (৩৯) বুলি চিনাক্ত কৰা হৈছিল আৰু বাকী দুজন চিনাক্ত হোৱা নাছিল।
কিন্তু শেহতীয়াকৈ তদন্ত আৰু অনুসন্ধানত অচিনাক্ত মৃত ব্যক্তি দুজনৰ এজনক পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মহেশ যাদৱ (৪৬) ওৰফে দুখী আৰু আনজন হোজাইৰ জৰাং পথাৰৰ হৰি প্ৰসাদ চৌহান(৪৫) বুলি চিনাক্ত কৰা হৈছে। আনহাতে অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হোজাইৰ নতুন বজাৰৰ নবী ওৰফে বিপন সিঙক (৪১) গুৱাহাটীলৈ প্ৰেৰণৰ বাবে যো যা চলাইছিল যদিও ইতিমধ্যে তেওঁৰো মৃত্যু হোৱা বুলি ঘোষণা কৰিছে হাম হস্পিতালৰ চিকিৎসকে।






























