Musa Hasahya: ✒️দেখিলে এনেকুৱা লাগিব যেন এখন গাঁও; কিন্তু সকলোৱেই একেডাল সূতাৰে বন্ধা। কাৰণ তেওঁলোক একেটা পৰিয়ালৰে অংশ। পৰিয়ালৰ গৰাকী এজন; কিন্তু তেওঁৰ পত্নী ১২ গৰাকী। তেওঁলোকৰ ১০২ টি সন্তান আৰু সেই পুত্র-কন্যাৰ ঘৰত সকলো মিলাই ৫৭৮টি নাতি-নাতিনী।
এই বিশাল পৰিয়ালৰ মুৰব্বী ৬৮ বছৰ বয়সীয়া মুছা হাছাহ্যা কাছেৰা। উগাণ্ডাৰ বুতালেজা জিলাৰ বুগিছা গাঁৱৰ বাসিন্দা তেওঁ। এসময়ত ঘৰচীয়া পশুৰ ব্যৱসায় আৰু কচাইৰ কাম কৰি আৰ্থিকভাবে সবল হৈ উঠিছিল মুছা।
সেয়ে সংসাৰ বৃদ্ধি কৰাত তেওঁ দ্বিধা কৰা নাছিল। তেওঁৰ এই বিৰাট সংসাৰ সকলো সময়তে গাঁওবাসীৰ আলোচনাৰ বিষয়বস্তু হৈ আহিছে। অৱশ্যে বয়স বৃদ্ধিৰ লগে লগে পৰিস্থিতিও সলনি হৈছে। এফালে যিদৰে শৰীৰে আৰু সংগ নিদিয়া হৈছে, আনফালে উপার্জনো নিম্নমুখী হৈ আহিছে।
এতিয়া সম্বল বুলিবলৈ তেওঁৰ আছে মাত্র দুই একৰ কৃষিভূমি। ইমান বিয়াগোম সংসাৰৰ ভৰণ-পোষণ কৰিবলৈ মুছাই এতিয়া স্বাভাৱিকতে হাহাকাৰ কৰিবলগীয়া হৈছে।
সেয়ে অৱশেষত পৰিয়াল আৰু বৃদ্ধি নকৰাৰে সিদ্ধান্ত লৈছে মুছাই। তেওঁৰ পত্নীসকলে এতিয়া গৰ্ভনিৰোধকৰ ব্যৱস্থা কৰিছে। এই বিষয়টো অকপতে স্বীকাৰ কৰি মুছাই কয়, ‘ইমানবোৰ মুখৰ বাবে আহাৰ যোগান ধৰাটো মোৰ বাবে আৰু সম্ভৱ নহয়। স্বাস্থ্যও ভালে নাই।’
মাত্র ১৭ বছৰ বয়সতে ১৯৭২ত প্রথম বিয়া কৰাইছিল মুছাই। তাৰ পাছত এটা এটাকৈ সংসাৰ বাঢ়ি আজিৰ এই পৰ্যায়ত উপনীত হৈছে। সম্প্রতি মুছাৰ সন্তানসকলৰ বয়স ১০ৰ পৰা ৫০ বছৰৰ ভিতৰত।
পোৰা মাটিৰে তৈয়াৰী সৰু সৰু জুপুৰী আৰু এটা জৰাজীৰ্ণ ঘৰতে থেপাথেপিকৈ বাস কৰে সমগ্র পৰিয়ালটোৱে। কোনগৰাকী পত্নীৰ সন্তান কোনজন, কাৰ কি নাম সেইবোৰ মনত ৰাখিবলৈ মুছাই কাগজ-কলম লৈ বহিবলগীয়া হয়। কেৱল সেয়াই নহয়, পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া-পেছালৰ সমাধান কৰিবলৈ তেওঁ প্রতি মাহত একোখনকৈ পাৰিবাৰিক সভাও আহ্বান কৰে।
অৱশ্যে ইমান অভাৱ-অনাটনৰ মাজতো মুছাৰ বাবে এক বিৰাট গৰ্বৰ বিষয় আছে। স্থানীয় লোকসকলৰ মতে, মুছাৰ সন্তানসকল অত্যন্ত সুশৃংখল।
এই বিশাল পৰিয়ালত কোনো দিনেই অপৰাধমূলক কাম বা ডাঙৰ ঝামেলাৰ কোনো নজিৰ নাই। যিটো স্থানীয় প্রশাসনৰ বাবেও এক বিস্ময়। ইমানবোৰ সন্তানক ভালভাৱে ডাঙৰ কৰি তোলাৰ বাবে মুছাৰ প্ৰশংসাও কৰে গাঁওবাসীয়ে






























