Vande Bharat Express:✒️বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত পোৱা গ’ল পোক। ইয়াৰ স’তে জড়িত কেবাখনো ছবি ভাইৰেল হৈ ছচিয়েল মিডিয়াত ইতিমধ্যেই আলোড়নৰ সৃষ্টি কৰিছে।
আৰম্ভ হৈছে এক বিতৰ্ক। চাপৰ মাজতে ইতিমধ্যে ক্ষমা বিচাৰিছে ৰে’লৱেই। যোৱা ২২ জুলাইত নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছত সংঘটিত হৈছিল এই ঘটনা।
হাৰ্দিক পাঞ্চল নামৰ এজন যাত্ৰীয়ে তেওঁৰ এক্স হেণ্ডেলত খাদ্যৰ ফটো পোষ্ট কৰি লিখিছে, “মই ২২ জুলাইত দিল্লীৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰা আৰম্ভ কৰিছিলো। কিছু সময়ৰ পাছতে আমাৰ খাদ্য পৰিবেশন কৰা হ’ল।খাদ্য পেকেট খুলিয়ে দেখিলোঁ খাদ্যত কেবাটাও পোক ওপঙি আছে।’
ফটো ভাইৰেল হোৱাৰ লগে লগে আৰম্ভ হয় বিতৰ্ক। এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নেটিজেনসকলে। এই অভিযোগ পোহৰলৈ অহাৰ পাছতে ৰে’ল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে। ৰে’লৱেৰ হৈ ‘ৰেলৱে সেৱা’ই তেওঁলোকৰ এক্স হেণ্ডেলত ক্ষমা বিচাৰিছে।
অৱশ্যে বন্দে ভাৰতৰ খাদ্যত পোক-পৰুৱা ওলোৱাটো এইয়ে প্ৰথম নহয়। যোৱা বছৰ বন্দে ভাৰততে আন এজন যাত্ৰীয়ে নিজৰ খাদ্যত পোক-পাইছিল।
কেৱল সেয়াই নহয়, যোৱা বছৰ মধ্যপ্ৰদেশৰ বন্দে ভাৰত এক্সপ্ৰেছৰ এজন যাত্ৰীয়ে ৰে’লত পৰিবেশন কৰা দালিতো পোক পাই খাদ্যৰ ফটো তুলি ফেচবুকত শ্বেয়াৰ কৰি অভিযোগ কৰিছিল।






























