Punjub:✒️ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে খহাই নিছিল এখন বিদ্যালয়লৈ অহা-যোৱা কৰা একমাত্র পথটো। সৃষ্টি হয় পাঁচ ফুট দৈর্ঘ্যৰ গাঁত। সেই ঠাইৰে প্ৰৱল সোঁতত পানী বৈ যোৱাৰ ফলত অঞ্চলটো বিচ্ছিন্ন হৈ পৰে। আবদ্ধ হৈ পৰে স্কুলৰ শিক্ষার্থীসকল।
গুৰুদ্বাৰৰ পৰা ঘোষণা হোৱাৰ লগে লগে উদ্ধাৰৰ বাবে আগবাঢ়ি আহিল গাঁৱৰ দুই বাসিন্দা। তেওঁলোকে সৃষ্টি কৰিলে ‘মানৱ সেতু’। তেওঁলোকৰ গাৰ ওপৰেদি খোজকাঢ়ি নিৰাপদে সেই গাঁত পাৰ হ’ল ৩৫গৰাকী শিক্ষার্থী।
এই ঘটনা পঞ্জাৱৰ লুধিয়ানাৰ মালেয়ান পঞ্চায়তৰ। প্ৰৱল বৰষুণৰ বাবে ভাহি গ’ল খেতিপথাৰ, ছিগিল ৰাস্তা। যাৰ বাবে শিশুৰ স্কুলো ১০ বজাতে ছুটি দিয়া হয়; কিন্তু ইতিমধ্যে ৰাস্তা বন্ধ হৈ পৰিছিল। ফলত একাংশ ছাত্র-ছাত্রী আবদ্ধ হৈ পৰে।
এই কথা জানিব পাৰি আন স্থানীয় লোকৰ স’তে সেই স্থানত উপনীত হয় গাঁৱৰ দুই যুৱক সুখবিন্দৰ সিং আৰু গগনদীপ সিং। ইপিনে, অনেক চেষ্টা কৰিও পানীৰ প্ৰৱল সোঁতৰ বাবে শিশু ছাত্র-ছাত্রীসকলক উদ্ধাৰ কৰিব পৰা নাছিল।
স্থানীয় প্রশাসনক খবৰ দিয়া হয় যদিও কোনো আহি পোৱা নাছিল। তেতিয়াই ‘মানৱ সেতু’ গঢ়াৰ সিদ্ধান্ত লয় সুখবিন্দৰ আৰু গগনদীপে। ইতিমধ্যে সেই ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হৈছে। ৰাস্তাৰ দুই প্ৰান্তৰ মাজত সৃষ্টি হোৱা প্রায় পাঁচ ফুটৰ গাঁতত দুয়োজন পিঠি ওপৰলৈ কৰি শুই পৰে।
আন একাংশ লোকৰ সহযোগত দুই যুৱকৰ পিঠিত ভৰি দি এজন এজনকৈ ৩৫ শিক্ষার্থী নিৰাপদ স্থানলৈ আহে। কেৱল শিক্ষার্থীয়েই নহয়, আন ১০ গৰাকী স্থানীয় লোককো দুই যুৱকে নিৰাপদ স্থানলৈ অহাত সহায় কৰে।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে গাঁৱত ‘নায়ক’ৰ আখ্যা লাভ কৰে সুখবিন্দাৰ আৰু গগনদীপে। স্থানীয় পঞ্চায়তৰ তৰফৰ পৰাও তেওঁলোকক সম্বর্ধনা জনোৱা হৈছে। অৱশ্যে পঞ্চায়ত প্রধানে আক্ষেপ কৰি কয় যে জিলা প্ৰশাসনক বাৰে বাৰে কোৱাৰ পাছতো শোচনীয় অৱস্থাৰ ৰাস্তাটো মেৰামতি কৰা নাই। অৱশ্যে এইবাৰ ৰাস্তাৰ সংস্কাৰ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে।






























