Shubhanshu Shukla: ✒️ইতিহাস গঢ়ি মহাশূন্য ভ্রমণে বৃদ্ধি কৰিছে উৎসাহ। অনন্ত আকাশত যে হেজাৰ আকৰ্ষণ আছে। সেই আকৰ্ষণৰে প্ৰেমত পৰিছে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন তথা মহাকাশচাৰী শুভাংশু শুক্লা। আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহি তেওঁ সম্প্রতি ‘কোৱাৰেণ্টাইন’, অর্থাৎ পৃথিৱীৰ জলবায়ুত নিজৰ শৰীৰক অভ্যস্ত কৰাৰ প্ৰক্ৰিয়াত আছে। ইয়াৰ মাজত শুভাংশুৰ নতুনকৈ আগ্রহ জন্মিছে এষ্ট্র ‘ফটোগ্রাফীত।
অর্থাৎ, মহাশূন্যৰ নানা আকর্ষণীয় ফটো তোলা। এইদৰেই এদিন নিজৰ বাংগালুৰুৰ ঘৰৰ খোলা খিৰিকীৰ পৰা শক্তিশালী কেমেৰাৰে বন্দী কৰিছে উজ্জ্বলতম নীহাৰিকা, কালপুৰুষ আদিৰ ফটো। নিজৰ ‘এক্স’ হেণ্ডলত তেওঁ সেইবোৰ শ্বেয়াৰ কৰিছে।
নাছা, এক্সিয়ম স্পেচ আৰু ইছৰ’ৰ যৌথ উদ্যোগত সম্প্রতি পৰীক্ষামূলকভাবে আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ঘূৰি আহিছে চাৰিজনীয়া এক মহাকাশচাৰীৰ দলে। এক্সিয়ম-৪ মিছনত মহাকাশযানৰ পাইলটৰ ভূমিকাত আছিল ভাৰতৰ শুভাংশু। যোৱা ১৬ জুলাইত দলটো উভতি আহে।
তেতিয়াৰ পৰা তেওঁলোকে কোৱাৰেণ্টাইনৰ পিৰিয়ডত দিন কটাইছে। মহাশূন্যত ইমান দিন ভাহি ফুৰাৰ পাছত পোনে পোনে আহি পৃথিৱীত ভৰি ৰখাৰ মাজত যি শৰীৰবৃত্তীয় প্ৰক্ৰিয়াৰ তফাৎ আছে, তাৰ বাবে শৰীৰক অভ্যস্ত কৰিবলৈকে এই কোৱাৰেণ্টাইনৰ ব্যৱস্থা।
অর্থাৎ এই সময়ত শুভাংশু কিছু বিশ্রামত আছে। তাৰ মাজতে তেওঁ কেমেৰাৰ জৰিয়তে মহাকাশত দৃষ্টি ৰাখিছে। আচলতে মহাকাশ কেন্দ্ৰৰ কুপোলাৰ পৰা যিদৰে সমগ্ৰ ব্ৰহ্মাণ্ড প্রত্যক্ষ কৰিছিল, সেই যাদুদৃষ্টিতো আছিল অবিস্মৰণীয়।
মহাশূন্যৰ সেই ৰোমান্সকৰ অৱয়বতে তেওঁ আকৃষ্ট হৈ পৰিছে। সেইবাবেই তেওঁ শক্তিশালী কেমেৰাৰে ধৰি ৰাখিছে সেই আকর্ষণীয় দৃশ্যবোৰ।
নিজৰ গৃহৰ পৰাই অ’ৰিয়ন নেবুলা অৰ্থাৎ পৃথিৱীৰ আকাশত খোলা চকুৰে দেখা পোৱা সুদূৰৰ নীহাৰিকাৰ ফটো তুলিছে শুভাংশুৱে। তুলিছে কালপুৰুষৰ ফটোও। ক’লা অন্ধকাৰে ঢাকি ৰখা আকাশত নীহাৰিকাৰ ঘন সংঘবদ্ধ ৰঙা-নীলা ৰং যে কিমান ৰূপহী, সেয়া মহাকাশ প্রেমীসকলেহে উপলব্ধি কৰিব পাৰে।
শুভাংশুৱে সেইবোৰ নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি জনাইছে যে মহাকাশ ভ্ৰমণৰ পাছত তেওঁ এতিয়া জ্যোতির্চিত্র শিল্পৰ প্ৰতি যথেষ্ট আকর্ষণ অনুভৱ কৰিছে। সেই আকৰ্ষণৰ বাবেই এইবোৰ ফটো তুলিছে তেওঁ। আগন্তুক দিনত আৰু অনেক ফটো সংগ্ৰহ কৰি সেইবোৰ সকলোৱে দেখাৰ বাবে প্ৰকাশ কৰিব বুলিও ভাৰতীয় মহাকাশচাৰীজনে সদৰী কৰিছে।






























