Bijni:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো সকলো ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বিটিচিতো তুংগত হৈ উঠিছে প্ৰচাৰাভিযান ৷ বিটিচিত এইবাৰ বিপিএফৰ স’তে বিজেপিয়ে মিত্ৰতা সূত্ৰে বিপিএফ দলে ১১খন আসনত আৰু বিজেপিয়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ এনডিএৰ অংশীদাৰ দল হিচাপে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সমগ্ৰ বিটিচিতে এনডিএৰ প্ৰাৰ্থীৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে ব্যাপক প্ৰচাৰ অভিযান চলাই ৷
শুকুৰবাৰে বিজনীত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ হৈ বিজনী চ’কত অনুষ্ঠিত এক প্ৰচাৰ সভাত অংশ লয় ৷ সভাৰ অন্তত বিপিএফ আৰু বিজেপিৰ স্থানীয় নেতা- কৰ্মীৰে এক বৈঠকত মিলিত হয় ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত বিটিচি চীফ গৰাকীয়ে কয়,অকল বিজনীতেই ১০০% নহয়, বিটিচিৰ ১৫টা সমষ্টিতে ১০০% জয় নিশ্চিত এনডিএৰ। এনডিএৰ ওচৰত আন কোনো দল তিস্তিব নোৱাৰে ৷






























