Chhattisgarh:✒️নক্সাল বিৰোধী অভিযানত পুনৰ সফলতা। চত্তীশগড়ৰ চুকমাত মাওবাদীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত এজন মাওবাদী নেতা। অভিযানৰ সময়ত তিনিজন জোৱানো আহত হয়।
তথ্য অনুসৰি,মঙলবাৰে চত্তীশগড় আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ), জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু চি আৰ পি এফ জোৱানৰ সহযোগত চুকমা-দান্তেৰা সীমান্তৰ সমীপৰ বনাঞ্চলত এক যৌথ অভিযান চলাইছিল, যাৰ ফলত কেবাজনো মাওবাদী নেতাই অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল।
কেবাজনো মাওবাদী নেতা সেই স্থানত আত্মগোপন কৰি থকা বুলি খবৰ পাইছিল । সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। পিছুৱাই যাবলৈ ঠাই নোহোৱাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।বাহিনীয়ে প্ৰতিশোধ লয়।
দুয়োপক্ষৰ মাজত দীৰ্ঘসময় বন্দুকৰ যুঁজৰ অন্তত অৱশেষত এজন মাওবাদী নেতা নিহত হয়। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি বনাঞ্চলত এটা আই ই ডি বিস্ফোৰক ৰোপণ কৰা হৈছিল।
অভিযানৰ সময়ত তাত ভৰি দিয়াৰ ফলত তিনিজন জোৱান আহত হয়।
বাষ্টাৰ ৰেঞ্জৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, “মৃত মাওবাদী নেতাজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। অভিযানত তিনিজন জোৱান আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হ’ব।”






























