Shibu Soren:✒️প্ৰয়াত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেণ । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে দিল্লীৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণ পিতৃ মৃত্যুৰ খবৰ এক্স হেণ্ডেলত প্ৰকাশ কৰে।কিডনী সম্পৰ্কীয় সমস্যাৰ বাবে জুন মাহৰ শেষ সপ্তাহত দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয়।
এমাহতকৈ অধিক সময়ৰ চিকিৎসাৰ অন্তত সোমবাৰে ৮১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
সোমবাৰে পুৱা এক্স হেণ্ডেলত পিতৃৰ মৃত্যুৰ কথা ঘোষণা কৰি শোক প্ৰকাশ কৰে হেমন্তই । তেওঁ লিখে, “সন্মানীয় দিশোম গুৰুজীয়ে আজি আমাক সকলোকে এৰি থৈ গৈছে। আজি মই শূণ্য হৈ পৰিছো…”
এই সন্দৰ্ভত চিকিৎসালয়খনে এক বিবৃতি প্ৰকাশ কৰি জনাইছে, পুৱা ৮:৫৬ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মৃত ঘোষণা কৰা হয়। তেওঁ বৃক্কৰ সমস্যাত ভুগিছিল ।
ডেৰ মাহ আগতে তেওঁ ষ্ট্ৰোক হৈছিল। প্ৰায় এমাহ ধৰি তেওঁ লাইফ চাপৰ্ট চিষ্টেমত আছিল।আই চি ইউত তেওঁৰ চিকিৎসাৰ দায়িত্বত আছিল চিকিৎসকৰ এটা দল। সকলো চেষ্টা কৰিও শেষত তেওঁক বচাব পৰা নগ’ল।






























