Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেল কা খেল! সর্বোপৰি পুঁজিপতি

# প্রাঞ্জলসেন ডেকা

publisher by publisher
September 1, 2025
in Assam, News
Reading Time: 1 min read
0
তেল কা খেল! সর্বোপৰি পুঁজিপতি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

তেল কা খেল ! সর্বোপৰি পুঁজিপতি

# প্রাঞ্জলসেন ডেকা

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক কাৰ্যকৰী হোৱাৰ এসপ্তাহ নৌহওঁতেই ভাৰতত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ লৈছে। ইয়াৰে ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে ৰাছিয়াৰ পৰা সস্তা দামত খাৰুৱা তেল ক্ৰয় কৰি ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত মস্কোক সহায় কৰাৰ জৰিমনা স্বৰূপে। ইয়াৰ লগে লগে মার্কিন প্রশাসনে সর্বাধিক শুল্ক কাৰ্যকৰী কৰা দেশৰ শাৰীত ভাৰতো অন্তর্ভুক্ত হৈছে। এই শুল্ক দীঘলীয়া সময় অব্যাহত থাকিলে ভাৰত সৰ্বাধিক ক্ষতিগ্রস্ত হ’ব বুলি গভীৰ শংকাৰ সৃষ্টি হৈছে। ইয়াৰ আগজাননী লাভ কৰিয়েই নৰেন্দ্ৰ মোদী চৰকাৰে এই ক্ষতি হ্ৰাসৰ পথ বিচাৰি তৎপৰ হৈছে যদিও সেয়া যে সহজ নহ’ব তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

ADVERTISEMENT

এনে পৰিপ্ৰেক্ষিতত ট্রাম্পৰ স’তেই থাকিব নে চীনৰ স’তে থিয় দিব, সেয়াও সম্প্রতি ভাৰতৰ বৈদেশিক নীতিৰ সমুখত এক অগ্নিপৰীক্ষাৰূপে আবিৰ্ভাৱ হৈছে। পৰিস্থিতি অনুধাৱন কৰিয়েই প্রধানমন্ত্রী মোদীয়ে আনকি সৌ সিদিনালৈ অতি বিপজ্জনক বুলি গণ্য কৰি অহা ৰঙা চীনৰ স’তে সহযোগিতাৰ হাত আগবঢ়াইছে। প্রশ্ন হৈছে, চীনৰ ওপৰত নিৰ্ভৰশীল হৈ ভাৰত আশ্বস্ত হ’ব পাৰিবনে?

কিন্তু দেশৰ সমুখত আহি পৰা এনে কঠিন প্রত্যাহ্বান সত্ত্বেও ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ ভাৰত চৰকাৰ সন্মত হোৱা নাই। চৰকাৰৰ এনে সিদ্ধান্তৰ দ্বাৰা প্ৰকৃততে কোন লাভৱান হৈছে সেই কথা দেশবাসীৰ চকুৰ পৰা কৌশলবে লুকুৱাই ৰখা হৈছে। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত অবতীর্ণ হোৱা বাবেই আমেৰিকাৰ লগতে ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰে। গতিকে ৰাছিয়াই ২৫ৰ পৰা ৫০ শতাংশলৈ ৰেহাই মূল্যত খাৰুৱা তেল বিক্রী কৰিবলৈ আৰম্ভ কৰে।

ভাৰতলৈ সৰ্বাধিক পৰিমাণৰ এই খাৰুৱা তেলৰ আমদানিকর্তা হৈছে প্রধানমন্ত্রী মোদীৰ ঘনিষ্ঠৰূপে পৰিচিত এছিয়াৰ সৰ্বাধিক ধনী ব্যক্তি মুকেশ আম্বানীৰ ৰিলায়েন্স ইন্ডাস্ট্রিজ। ২০২২ লৈ ৰিলায়েন্সৰ গুজৰাটৰ জামনগৰস্থিত শোধনাগাৰে মাত্র তিনি শতাংশহে খাৰুৱা তেল ৰাছিয়াৰ পৰা আমদানি কৰিছিল; কিন্তু ইউক্রেইন যুদ্ধৰ পাছৰ পৰা সেয়া ৫০ শতাংশলৈ বৃদ্ধি পায়। চলিত বছৰৰ মাত্ৰ প্ৰথম সাতমাহতে জামনগৰ শোধনাগাৰে ৰাছিয়াৰ পৰা ৮.৭ বিলিয়ন ডলাৰ মূল্যৰ ১৮.৩ নিযুত টন খাৰুৱা তেল আমদানি কৰে, যি বিগত বৰ্ষৰ সেই একেই সময়ছোৱাৰ তুলনাত ৬৪ শতাংশ অধিক।

তদুপৰি প্ৰতিদিনে পাঁচ লাখ বেৰেল খাৰুবা তেল ক্ৰয়ৰ বাবেও কছ কোম্পানীৱে চুক্তিবদ্ধ হৈছে ৰিলায়েন্স। ২০২৩ৰ ফেব্ৰুৱাৰীৰ পৰা ৰিলায়েন্সৰ এই শোধনাগাৰে যোৱা জুলাই পর্যন্ত ৮৫.৯ বিলিয়ন মার্কিন ডলাৰ (ভাৰতীয় হিচাপত সাত লাখ ৫৮ হেজাৰ কোটি টকা) মূল্যৰ পৰিশোধিত ইন্ধন বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰিছে। লক্ষ্যণীয়ভাৱে ইয়াৰে ৪২ শতাংশ অর্থাৎ ৩৬ বিলিয়ন ডলাৰ মূল্য ইন্ধন বিক্ৰী কৰিছে তেনে বহু দেশক, যিবোৰে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰি থৈছে।

এনেদৰে প্রধানমন্ত্রীৰ ঘনিষ্ঠ পুঁজিপতিয়ে যুদ্ধই আনি দিয়া সুযোগ গ্রহণ কৰি ৰাছিয়াৰ পৰা অর্ধেক মূল্যত খাৰুৱা তেল ক্ৰয় কৰিছে আৰু সেয়া পৰিশোধন কৰি বিদেশী কোম্পানীক বিক্ৰীৰ জৰিয়তে লক্ষ লক্ষ কোটি টকাৰ মুনাফা আদায় কৰিছে। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি বিদেশত অধিক মূল্যত বিক্ৰীৰ পৰা বিৰত নাথাকিলে ভাৰতৰ ওপৰত অধিক পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব হ’ব বুলি বিগত সময়ছোৱাত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বাৰম্বাৰ সকীয়নি দি আহিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে কৈ আহিছে যে নতুন দিল্লীয়ে দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব।

লগতে আঙুলিয়াই দিছে যে দেশৰ ১৪০ কোটি জনগণ আৰু বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিহে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়টো পৰিচালিত হয়। মার্কিন প্রশাসনৰ সিদ্ধান্তক অন্যায় তথা দুর্ভাগ্যজনক আখ্যা দি উদ্দেশ্য প্রণোদিতভাৱে ভাৰতক এনেদৰে লক্ষ্য কৰি লোৱা হৈছে বুলি নতুন দিল্লীয়ে অভিযোগ কৰি আহিছে। এই কথা ঠিক যে ভাৰতে কাৰ স’তে বাণিজ্য কৰিব অথবা কোন দেশৰ পৰা কি ক্ৰয় কৰিব সেয়া আমেৰিকাই নির্ধাৰণ কৰিবলৈ চেষ্ট চলোৱাটো কোনোপধ্যে গ্রহণযোগ্য হ’ব নোৱাৰে। গতিকে ভাৰত চৰকাৰে ‘দেশৰ স্বাৰ্থতে’ এনেদৰে ৰাছিয়াৰ পৰা সস্তাত খাৰুৱা তেল ক্রয় অব্যাহত ৰাখিব বুলি দোহাৰিছে।

‘দেশৰ স্বাৰ্থত’ সেয়া অব্যাহত ৰখাত অৱশেষত ভাৰতে অতিৰিক্ত ২৫ শতাংশ শুল্কৰ বোজা সহিবলগীয়া হৈছে। এতিয়া মোদী চৰকাৰৰ ‘দেশৰ স্বাৰ্থত’ প্রকৃততে কাৰ স্বাৰ্থ লুকাই আছে- সেয়াহে বিচার্য। ভাৰতীয় কোম্পানীয়ে অর্ধেক মূল্যত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ পাছতো দেশবাসীয়ে আজিও চহৰ ভেদে পেট্র’ল ৯৫ৰ পৰা ১০৬ টকাত আৰু ডিজেল ৮৮ৰ পৰা ৯৩ টকা প্রতি লিটাৰত ক্ৰয় কৰিবলগীয়া হৈছে। মূল্য বৃদ্ধিত পিষ্ট দেশৰ নাগৰিকক এপইচাৰো সকাহ নিদি প্রধানমন্ত্রীৰ ঘনিষ্ঠ পুঁজিপতি আৰু কেইটামান চৰকাৰী তেল কোম্পানীক মুনাফা আদায় কৰিবলৈ দিয়াটোৱে ‘দেশৰ স্বার্থ’ নেকি সেই কথা চৰকাৰে স্পষ্ট কৰা উচিত। এই সময়ছোৱাত ৰাছিয়াৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰা ৰিলায়েন্সৰ লগতে আন এটা ৰুছ কোম্পানী নায়ৰাই সেয়া পৰিশোধন কৰি ভাৰতৰ পৰিৱর্তে বিদেশী কোম্পানীকহে বিক্রী কৰিছে। তাৰ বিপৰীতে চৰকাৰী খণ্ডৰ তেল বিপণন কোম্পানী তিনিটাই এবছৰতে ৮৬ হেজাৰ কোটি টকাৰ লাভ উপার্জন কৰিছে। ২০২৩-২৪ বিত্তীয় বর্ষত ইণ্ডিয়ান অইলে পূৰ্বৰ বছৰৰ ৮,২৪২ কোটি টকাৰ পৰা ৩৯,৬১৯ কোটি টকালৈ (৩৮১ শতাংশ বৃদ্ধি), ভাৰত পেট্র’লিয়ামে ১,৮৭০ কোটিৰ পৰা ২৬,৬৭৪ কোটি (অভূতপূর্ব ১,৩২৬ শতাংশ বৃদ্ধি) আৰু হিন্দুস্তান পেট্র’লিয়ামে ৮,৯৭৪ কোটিৰ লোকচানৰ পৰা ১৪,৬৯৪ কোটি টকালৈ লাভ অর্জন কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ বিপৰীতে বিভিন্ন কৰৰ জৰিয়তে চৰকাৰেও ৪.৭০ লাখ কোটি টকা এবছৰতে আহৰণ কৰে; অথচ এনেদৰে মাত্র পাঁচটা ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে লক্ষ লক্ষ কোটি টকাৰ মুনাফা আদায় কৰাৰ বিপৰীতে ইন্ধনৰ মূল্য হ্রাস কৰি এপইচাৰো সকাহ দিয়া নহ’ল দেশৰ সাধাৰণ জনতাক। চৰকাৰী প্রতিষ্ঠানে উপাৰ্জন কৰিলে আশা কৰিব পাৰি যে সেয়া দেশব কামতে ব্যয় হ’ব; কিন্তু এজন বা দুজন পুঁজিপতিক মুনাফা আদায়ৰ সুযোগ দিবলৈ সমগ্র দেশকে বিপর্যয়ৰ মাজলৈ কিয় ঠেলি দিয়া হ’ল, তাৰ উত্তৰ কোনে দিব?

সবাতোকৈ বিপজ্জনক কথাটো হৈছে- ৫০ শতাংশ মার্কিন শুল্কই ভাৰতৰ বিভিন্ন খণ্ডত প্রত্যক্ষভাৱে মাধমাৰ শোধোৱাৰ উপৰি সামগ্রিকভাৱে বিস্তৰ ক্ষতিসাধন কৰাৰ আশংকা প্রকাশ কৰিছে বিশেষজ্ঞসকলে। এই উচ্চ হাৰৰ শুল্কই ৰপ্তানি ক্ষেত্রত চীন অথবা আন দেশৰ বিপৰীতে ভাৰতক অভূতপূর্ব প্রত্যাহ্বানৰ সমুখীন কৰাব বুলি কোৱা হৈ বিত্তীয় বৰ্ষত ভাৰত-মার্কিন দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ২১২ বিলিয়ন ডলাৰৰ; য’ত ভাৰতৰ ৰপ্তানি আছিল ৪৬ বিলিয়ন ডলাৰ অধিক।

সম্প্রতি ৫০ শতাংশ শুল্কৰ ফলত ঘাইকৈ বস্তু, হীৰাকে ধৰি ৰত্ন, অলংকাৰ, চামৰাৰ সামগ্ৰী আৰু কার্পেট আদি উদ্যোগ সর্বাধিক ক্ষতিগ্রস্ত হ’ব। ফলস্বৰূপে লক্ষ লক্ষ লোকে কর্মসংস্থাপন আশংকা প্রকট হৈছে। কিয়নো ভাৰতৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ সবাতোকৈ বৃহৎ বাণিজ্য সহযোগী। উল্লেখিত খণ্ডসমূহ যথেষ্ট বেছি শ্রমকেন্দ্রিক। তদুপৰি এই ব্যৱসায়ত জড়িত কোম্পানীবোবো তুলনামূলকভাৱে সৰু। উদাহৰণস্বৰূপে বস্ত্র উদ্যোগৰ ৭০ শতাংশ কোম্পানীয়ে হৈছে অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া (এমএছএমই) স্তৰৰ। গতিকে মার্কিন বজাৰত চাহিদা হ্রাসৰ আঘাত এনেবোৰ খণ্ডই সহিব নোৱাবিব। ভাৰতৰ এই ব্যৱসায় ভিয়েটনাম, বাংলাদেশ, পাকিস্তান আৰু আন পূব এছিয়াৰ দেশৰ হস্তগত হোৱাৰ পথ প্রশস্ত হ’ব।

দেশৰ কে’বাখনো ৰাজ্যৰ উপকূল অঞ্চলসমূহ মিছা মাছ আৰু অন্যান্য সাগৰীয় খাদ্য উৎপাদনত জড়িত হৈ আছে। বহিঃৰাজ্যৰ এনেবোৰ প্ৰতিষ্ঠানত অসমৰো বহুসংখ্যক লোক, যাৰ এক গৰিষ্ঠসংখ্যক যুৱতী-মহিলা, নিয়োজিত হৈ আছে। এনেবোৰ সামগ্ৰীৰ ভাৰতৰ বাবে বৃহৎ বজাৰ হৈছে আমেৰিকা। যদিহে অত্যধিক শুল্কৰ প্ৰভাৱত মূল্যবৃদ্ধিৰ পৰিণতিত আমেৰিকাত ইয়াৰ চাহিদা হ্রাস পায়, তেন্তে স্বাভাৱিকতে ভাৰতত ইয়াৰ উৎপাদন হ্রাস কৰিবলৈ সংশ্লিষ্ট প্রতিষ্ঠানসমূহ বাধ্য হ’ব। ইয়াৰ ফলস্বৰূপে হেজাৰ হেজাৰ লোকে কর্মসংস্থান হেৰুৱাবলগীয়া হোৱাটো অৱধাৰিত হৈ পৰিব।

আন বাদেই, স্বয়ং প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ ছুৰাটৰ হীৰা ব্যৱসায়লৈও অশনি সংকেত নামি আহিছে। সমগ্র বিশ্বৰে হীৰা ব্যৱসায়ৰ এক উল্লেখযোগ্য কেন্দ্র ছুৰাট। এই শুল্কই ইয়াৰ হীৰাৰ ব্যৱসায়কো গভীৰভাৱে ক্ষতিগ্রস্ত কৰাৰ আশংকাৰ সৃষ্টি হৈছে। ইয়াৰ প্রভাৱ যে সুদূৰ প্ৰসাৰী হ’ব তাত সন্দেহ নাই Iগতিকে দেশক একপ্ৰকাৰ বন্ধকত থৈ এনেদৰে পুঁজিপতি বিশেষক মুনাফা আদায়ৰ দুৱাৰ মুকলি কৰি দিয়াটোৱে মোদী চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া নাইনে?
ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crude oilEditor's ArticlePranjalsen DekaRussia
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d