Guwahati:✒️শাৰদীয় দুর্গা পূজা সমাগত। দেবী দুর্গাক পুজিবলৈ সম্প্রতি ৰাজ্যজুৰি আৰম্ভ হৈছে প্রস্তুতি।পূজাৰ দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীও লোকে লোকাবণ্য হৈ পৰে। পূজাৰ আনন্দ উপভোগ কৰিবলৈ মহানগৰীত যথেষ্ট ভিৰ হয়; কিন্তু দুর্গা পূজাৰ প্ৰাক্ষণত মহানগৰীৰ বিধ্বস্ত বাট-পথসমূহে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে।
বিশেষকৈ মহানগৰীৰ গৰিষ্ঠ সংখ্যক পথ, উপ-পথত সৃষ্টি হৈছে প্রকাণ্ড প্রকাণ্ড গাঁত। এই বিধ্বস্ত বাট-পথসমূহত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখাই দিছে; কিন্তু ইয়াৰ প্ৰতি যেন কোনো ভ্রূক্ষেপ নাই সংশ্লিষ্ট বিভাগসমূহৰ।
উল্লেখ্য যে পূজাত সম্ভাব্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি তথা দুর্ঘটনা প্ৰতিৰোধৰ লক্ষ্যৰে সংশ্লিষ্ট জিলা প্রশাসন তথা আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰে; কিন্তু এইবাৰৰ পৰিৱেশ কিছু সুকীয়া। বিশেষকৈ পূজাৰ প্রাক্ষণত বিধ্বস্ত পথ, উপ-পথসমূহ মেৰামতিৰ ব্যৱস্থা কৰা হয় যদিও এইবাৰ পূজালৈ মাজত মাথোঁ কেইটামান সপ্তাহ বাকী আছে যদিও তেনে কোনো মেৰামতিৰ কাম সাধাৰণ জনতাৰ চকুত পৰা নাই।
কেৱল বাট-পথেই নহয়, ইয়াৰ কাষে কাষে থকা পদপদসমূহ, ৰাজপথৰ মাজত থকা লোহাৰ ৰেলিংসমূহত বৃহৎ বৃহৎ ফাট মেলি সম্প্ৰতি মৰণফান্দলৈ পর্যবসিত হৈছে। ফলত যিকোনো মুহূৰ্তত তথা কিছু অসাৱধান হ’লেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই প্রতিজন নাগৰিকক শংকিত কৰি তুলিছে।
ইফালে, দিছপুৰৰ গাতে লাগি থকা গণেশগুৰি, লাষ্টগেট, কাহিলীপাৰা, দিছপুৰ মহাবিদ্যালয়-জিএমচিএইছ পথ, জিএনবি ৰোডকে ধৰি মহানগৰীৰ সদাব্যস্ত গৰিষ্ঠ সংখ্যক পথৰ ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰিছে। বহুকেইটা পথত মৰণত শৰণ দি জনতাই উপায়হীন হৈ যাতায়াত কৰিবলগীয়া হৈছে।
মহানগৰীৰ বাট-পথৰ এনে পৰিৱেশ পূৰ্বতে কেতিয়াও দেখিবলৈ পোৱা হোৱা নাছিল বুলি ক্ষোভ প্রকাশ কৰিছে নগাৰিকসকলে। লগতে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য নিৰংকুশ নাথে কয় যে কৃত্রিম বানপানী, বিশুদ্ধ খোৱাপানী নাটনি আদি কৰি অনেক সমস্যাই নাগৰিকক জলা-কলা খুৱাই অহাৰ মাজতে বিধ্বস্ত বাট-পথসমূহেও মহানগৰবাসীক যমৰ যাতনা দি আহিছে।
খোজে প্ৰতি জীৱনৰ চৰম শংকাত ভুগিবলগীয়া হৈছে নাগৰিকসকল। বিধ্বস্ত বাট-পথৰ উপৰি অলপ চকু আঁতৰ কৰিলেই উন্মুক্ত পদপথত কোন সময়ত ভৰি সোমায় তাৰ কোনো ঠিক নাই। নাগৰিকৰ জীৱন নিৰাপত্তাক লৈ চৰকাৰখন দায়বদ্ধ নহয় বুলি নাথে মন্তব্য কৰি লগতে কয় যে সমাগত দুর্গা পূজা আৰু এই সময়ছোৱাত বিধ্বস্ত বাট-পথসমূহে কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে, আজিকোপতি জিলা প্রশাসনে চিন্তাই কৰা নাই।
চৌদিশে কেৱল চৰকাৰৰ উন্নয়নৰ শ্ল’গান আৰু বিপৰীতে ফটোৱে স্মার্ট মহানগৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি নাথে মন্তব্য কৰি পূজাৰ প্ৰাক্ষণত বিধ্বস্ত বাট-পথসমূহ মেৰামতিৰ ব্যৱস্থা কৰি সম্ভাব্য দুর্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট পক্ষক দাবী জনায়।
আনহাতে, মহানগৰীৰ বিধ্বস্ত বাট-পথসমূহ পুনৰ মেৰামতিৰ দাবীৰে যোৱা ৩০ আগষ্টত লোক নির্মাণ বিভাগৰ মুখ্য অভিযন্তা কার্যালয় ঘেৰাও কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰিছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাই। মহানগৰীৰ বিধ্বস্ত বাট-পথসমূহৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক সমীৰণ কলিতাই কয় যে আজিৰ দিনত মহানগৰীৰ গৰিষ্ঠ সংখ্যক বাট-পথ, পদপথ একপ্ৰকাৰ মৰণফান্দত পৰিণত হৈছে।
সততে উন্নয়নৰ শ্ল’গান আওৰাই অহা চৰকাৰৰ মুৰব্বীসকলক চান্দমাৰিৰ মূল পথেৰে অহা-যোৱা কৰিবলৈ তেওঁ আহ্বান জনায় কয় যে নুনমাটিৰ পৰা দীঘলীপুখুৰীক সংযোগী উৰণ সেতুখন নির্মাণ হৈ আছে; কিন্তু এই পথছোৱা আজিৰ দিনত যাতায়াত কৰিব পৰা অৱস্থাত নাই।
কেৱল এই পথছোৱাই নহয়, বহু সংখ্যক মূল পথত প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে। পুনৰ মেৰামতিতো বাদেই এই গাঁতকেইটা বন্ধ কৰিবলৈও বিয়াগোম বিভাগৰ কোনো পদক্ষেপ নাই বুলি কলিতাই মন্তব্য কৰি পূজাৰ পূৰ্বে বিধ্বস্ত বাট-পথ আৰু উন্মুক্ত পদপথসমূহ মেৰামতি কৰিবলৈ জিলা প্রশাসনক দাবী জনায়।
ছাত্রনেতাজনে লগতে কয় যে সন্মুখত দুর্গা পূজা আৰু এই সময়ত যি ভিৰ হয়; বিধ্বস্ত পথসমূহে সকলোকে চিন্তিত কৰি তোলাটো স্বাভাৱিক। বিধ্বস্ত পথসমূহ দেখিলে এনে লাগে যেন চৰকাৰৰ কোনো দায়িত্ব নাই।
বিষয়সমূহ চৰকাৰৰ দৃষ্টি নিক্ষেপো কৰা হৈছে; কিন্তু ভ্রূক্ষেপ নাই, গুৰুত্ব নাই। স্বয়ং মুখ্যমন্ত্রী লোক নিৰ্মাণ বিভাগৰ মুৰব্বী হোৱাৰ পাছতো আজিৰ গুৱাহাটীৰ এই অৱস্থাই উন্নয়নৰ প্ৰকৃত ছবি দাঙি ধৰিছে বুলি তেওঁ কয়।






























