Actress Nandini Kashyap Granted bail:
অৱশেষত জামিন লাভ স্বল্পখ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ ৷জামিন মঞ্জুৰ কৰে কামৰূপ মহানগৰ জিলাৰ চেছন ও সত্ৰ ন্যায়াধীশ আদালতে ৷
উল্লেখ্য যে,২৫ জুলাইৰ নিশাভাগত নন্দিনীৰ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হৈছিল ছামিউল হক নামৰ ছাত্ৰজন ৷ ইয়াৰ পিছতে হিট এণ্ড ৰাণৰ গোচৰত নন্দিনীক আটক কৰিছিল পানবজাৰ আৰক্ষীয়ে ৷ আনহাতে চেছন আদালতত নন্দিনীৰ হৈ যুক্তি দর্শাইছিল অধিবক্তা বিজন মহাজন আৰু আছাদ চৌধুৰীয়ে৷
উল্লেখযোগ্য ৩০ জুলাইত গ্ৰেপ্তাৰ হোৱাৰ পিছত দিছপুৰ থানাত দাখিল কৰা হিট এণ্ড ৰান গোচৰৰ অধীনত ন্যায়িক জিম্মাত থকা নন্দিনীৰ জামিন আবেদন ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।
ৰবি শৰ্মাই অভিনীত ছবি ‘ৰুদ্ৰা’ত শেষবাৰৰ বাবে দেখা পোৱা অভিনেত্ৰী গৰাকীে চলাই যোৱা তীব্ৰবেগী বলেৰ বাহন খনে ২৫ জুলাইৰ নিশা কাহিলীপাৰাৰ দক্ষিণগাঁৱত চমিউল হক নামৰ পলিটেকনিকৰ ছাত্ৰজনক বাইক সহ খুন্দিয়াই ৷ তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত মূৰত আঘাত পোৱাৰ উপৰিও হাত-ভৰিৰ হাড় ভাঙে ছাত্ৰজনৰ ।
সংকটজনক অৱস্থাত ছামিউলক ততাতৈয়াকৈ জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ২৮ জুলাইত তেওঁক এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ব্যক্তিগত চিকিৎসালয় খনত চিকিৎসাধীন অৱস্থাতে ২৯ জুলাইৰ সন্ধিয়া কৰুণ মৃত্যুক সাৱটি লয় প্ৰতিভাৱান ছাত্ৰজনে ৷
উদ্থাপিত অভিযোগ অনুসৰি নন্দিনীয়ে জিএমচিএইছ আৰু এপ’ল’ হাস্পতালৰ আইচিইউত জীৱনমৰণৰে যুঁজি থকা চমিউল হকৰ খবৰ ল’বলৈ এবাৰো নাহিল ।






























