Instragram:✒️ফে’চবুকৰ অভিভাৱক সংস্থা মেটাই আজি দাবী কৰা অনুসৰি, ভাৰতত ইনষ্টাগ্রাম ৰীল্ছ সম্প্রতি সর্বাধিক দৰ্শন কৰা শ্বৰ্ট ভিডিঅ’ প্লেটফর্ম হিচাপে পৰিচিত হৈছে। ভাৰতত সম্পন্ন কৰা এক সমীক্ষাৰ আধাৰত মেটাই এই দাবী কৰি জনোৱা অনুসৰি, ভাৰতত অন্যান্য প্লেটফর্ম যেনে টেলিভিছন, অভাৰ দ্য টপ (অ’টিটি) ৰ তুলনাত ইনস্টাগ্রাম ৰীল্ছ মানুহৰ অধিক পছন্দৰ হৈছে।
দেশত ইনস্টাগ্রাম ৰীল্ছ মুকলি কৰাৰ পাঁচ বছৰ সম্পূৰ্ণ হ’ল। মেটাৰ সমীক্ষাত দেশৰ ৩৩ পৃথক কেন্দ্ৰত ৩৫০০ ৰো অধিক লোকৰ মত সমীক্ষণ কৰা হৈছিল। এই সমীক্ষাত অংশ লোৱা ৯২ শতাংশ লোকে সদৰী কৰা অনুসৰি, তেওঁলোকে অন্যান্য প্লেটফৰ্মৰ তুলনাত শ্বর্ট ভিডিঅ’ দৰ্শনৰ বাবে ৰীল্ছ অধিক পছন্দ কৰে।
একেটা সমীক্ষাত ৯৭ শতাংশ অংশগ্রহণকাৰীয়ে কয় যে তেওঁলোকে দিনটোত কমেও এবাৰ শ্বৰ্ট ভিডিঅ’ উপভোগ কৰে। ৮৩ শতাংশ লোকে সদৰী কৰা অনুসৰি, তেওঁলোকে দৈনিক টিভি উপভোগ কৰে। এপ্রিল ২০২৫ত অনলাইন ভিডিঅ’ কনজাম্পচন অৱ ডিজিটেল ইণ্ডিয়াৰ এক অধ্যয়ন অনুসৰি, ভাৰতত ৮২ শতাংশ লোকে দৈনিক সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছে। আনহাতে, দৈনিক ৭৮ শতাংশই টিভি আৰু ৪৩ শতাংশই অ’টিটি মাধ্যম ব্যৱহাৰ কৰে।






























