Betola :
জুবিন গাৰ্গৰ মৃত্যুক শোকাহত ৰাজ্যবাসী ৷ আজি হাৰ্টথব গৰাকীৰ আদ্যশ্ৰাদ্ধ দিনটোতে তেওঁৰ আগ্ৰহৰ থলী হিচাপে বিবেচিত মহানগৰীৰ ঐতিত্যমণ্ডিত বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ল’লে গুৰুত্বপূৰ্ণ ঘোষণা। জুবিনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অহা বর্ষত বেলতলা ব’হাগী উৎসৱ উদযাপন নকৰাৰ সিদ্ধান্তৰ লগতে সম্পূৰ্ণ বৰ্ষলৈ বেলতলা বহাগী উৎসৱ আৰু পূবেৰুণ সংঘৰ সকলো কাৰ্যসুচী বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা ঘোষণা কৰি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে কয়,’জুবিন অবিহনে বিহু পতা-নপতাটো একেই কথা ৷ সেয়েহে অহাবৰ্ষত অনুস্থিত নহয় ব’হাগী উৎসৱ উদযাপন ৷
আনহাতে আজি জুবিনৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বেলতলা বাহাগী উৎসৱ উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ । সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে আয়োজন কৰিছে জুবিন গাৰ্গ শ্ৰাদ্ধ । একেদৰে অতি সোনকালে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে দাখিল কৰিব এজাহাৰ । জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণে আপোচ নকৰে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ।ADVERTISEMENT






























