Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ফৰিদাবাদৰ মেডিকেল কলেজত পাৰ্ক কৰি থোৱা আছিল বিস্ফোৰণত ব্যৱহৃত বাহন

publisher by publisher
November 13, 2025
in India, News
Reading Time: 1 min read
0
ফৰিদাবাদৰ মেডিকেল কলেজত পাৰ্ক কৰি থোৱা আছিল বিস্ফোৰণত ব্যৱহৃত বাহন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

পঞ্জাৱত সংঘটিত হৈছে দুটাকৈ বিস্ফোৰণ : সুৰক্ষা সংস্থাৰ উচ্চ সতর্কতা

Bomb blast:✒️দিল্লীৰ যোৱা ১০ নৱেম্বৰৰ ভয়াৱহ কাৰ বোমা বিস্ফোৰণৰ তদন্তৰ কেন্দ্র বিন্দুত পৰিণত হোৱা হাৰিয়ানাৰ ফৰিদাবাদৰ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ১২দিন ধৰি বিস্ফোৰণটোত ব্যবহৃত গাড়ীখন ৰখাই থোৱা অৱস্থাত আছিল। এই তথ্য প্রকাশ কৰিছে তদন্তকাৰী সংস্থাৰ সূত্রই।

ADVERTISEMENT

সূত্রই জনোৱা মতে, বিস্ফোৰণটোত ব্যৱহৃত বগা হুণ্ডাই আই-২০ গাড়ীখন যোৱা ২৯ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ আল-ফালাহ মেডিকেল কলেজৰ চৌহদত আছিল। তদন্তকাৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি এই তথ্য পোহৰলৈ আনিছে।

উল্লেখ্য যে যোৱা সোমবাৰে এই চিকিৎসা মহাবিদ্যালয়ৰ এজন অধ্যাপকৰ ভাড়াঘৰৰ পৰা ৩৬০ কিলোগ্রাম এম’নিয়াম নাইট্রেট আৰু বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ হয়। ইতিমধ্যে ডাঃ মুজাম্মিল আহমেদ নামৰ এই অধ্যাপকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ স’তে দিল্লীত আত্মঘাতী কাৰ বোমা বিস্ফোৰণ সংঘটিত কৰা ডাঃ ওমৰ মহম্মদৰ সম্পৰ্ক আছিল বুলি তদন্তত পোহৰলৈ আহিছে। তদুপৰি ডাঃ মুজাম্মিলৰ ভাড়াঘৰৰ পৰা বিস্ফোৰক তথা অস্ত্র-শস্ত্র উদ্ধাৰ হোৱা ঘটনা সংক্রান্তত আৰক্ষীয়ে এগৰাকী মহিলা চিকিৎসকসহ আন দুজন চিকিৎসককো গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা চিকিৎসক গৰাকী হ’ল ছাহিন ছায়িদ। ডাঃ ছাহিনৰ স’তে পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সম্পৰ্ক থকাৰ তথ্যও তদন্তত পোহৰলৈ আহিছে।

সূত্ৰৰ মতে, দিল্লীৰ এই আত্মঘাতী বিস্ফোৰণ জইছ-ই-মহম্মদৰ নাৰী গোটে সংঘটিত কৰে। সন্ত্রাসবাদী সংগঠনটোরে ইয়াকে কৰিবলৈ শ্ৰীপাৰ চেল ব্যৱহাৰ কৰাৰ তথ্যও ইতিমধ্যে তদন্তত পোহৰলৈ আহিছে। সুত্রই প্রকাশ কৰা অনুসৰি, আত্মঘাতী বিস্ফোৰণটোত ব্যৱহৃত আই-২০ গাড়ীখন আল-ফালাহ চিকিৎসা মহাবিদ্যালয় চৌহদত যোৱা ২৯ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ বখাই থোৱাৰ সময়ছোৱাত গাড়ীখনৰ কাষত ডাঃ মুজাম্মিলৰ এখন গাড়ীও আছিল। এই গাড়ীখনৰ গৰাকী ডাঃ মুজাম্মিল হ’লেও গাড়ীখনৰ পঞ্জীয়ন তেওঁৰ পত্নী ডাঃ ছাহিনৰ নামত আছে। সূত্ৰৰ মতে, আই-২০ গাড়ীখন লালকিল্লাৰ ওচৰলৈ অহাৰ পূর্বে দিল্লীৰ দুই অন্যতম ব্যস্ততম স্থান কনাট প্লেচ আৰু ময়ূৰ বিহাৰত দেখা গৈছিল। গতিকে আত্মঘাতী বোমাৰুৰ লক্ষ্য লালকিল্লাৰ উপৰি ৰাজধানী মহানগৰৰ আন স্থানো আছিল নেকি বুলিও চর্চা হৈছে। এনে অৱস্থাতে তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে দিল্লীৰ বিভিন্ন স্থানৰ চিচি টিভি ফুটেজ সংগ্ৰহ কৰা হৈছে। এনে এটা ফুটেজত দেখা যায় যে গাড়ীখনে যোৱা সোমবাৰে দুপৰীয়া আঢ়ৈ বজাত কনাট প্লেচ অঞ্চলত ঘূৰাপকা কৰি আছিল। তাৰ কেইমুহূৰ্তমানৰ পাছতে গাড়ীখনে ময়ূৰ বিহাৰ অঞ্চলত প্ৰৱেশ কৰে। কেৱল সেয়াই নহয়, দিল্লীৰ আন বহু ঠাইতো গাড়ীখন দেখা গৈছিল।সূত্ৰৰ মতে, যোৱা সোমবাৰে পুৱা ৮-২০ বজাত গাড়ীখনে দিল্লীত প্রৱেশ কৰে।

পাৰ্ক কৰা গাড়ীতে তিনি ঘণ্টাৰো অধিক সময় বহি আছিল ডাঃ ওমৰ

তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা সোমবাৰে আবেলি ৩-১৯ বজাত বিস্ফোৰক ভর্তি আই-২০ গাড়ীখন লালকিল্লা মেট্র’ ৰেল ষ্টেছনৰ ওচৰত উপস্থিত হয়। তাতে গাড়ীখন পাৰ্ক কৰি ডাঃ ওমৰে তিনি ঘণ্টাৰো অধিক সময় গাড়ীৰ ভিতৰত বহি থাকে। এই সুদীর্ঘ সময়ত তেওঁ এবাৰো গাড়ীৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। উক্ত স্থানৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি তদন্তকাৰীয়ে এই তথ্য পোহৰলৈ আনিছে। সূত্ৰৰ মতে, আবেলি ৩-১৯ বজাৰ পৰা সন্ধিয়া ৬-২৮ বজালৈ ওমৰ গাড়ীৰ ভিতৰত থাকে। সেয়েহে বহুতৰ মনত প্রশ্ন উদয় হৈছে যে তেওঁ বিস্ফোৰণ সংঘটিত কৰাৰ বাবে কাৰোবাৰ ইংগিত বা নির্দেশলৈ অপেক্ষা কৰিছিল নেকি? অথবা তেওঁৰ বিস্ফোৰণৰ লক্ষ্য ৰাজধানী মহানগৰৰ আন কোনো স্থান আছিল নেকি? সম্প্রতি তদন্তকাৰী সংস্থাসমূহে এনে দিশকো তদন্তৰ আওতালৈ আনিছে। তদন্তকাৰীৰ সূত্রই প্রকাশ কৰা অনুসৰি, প্ৰথম অৱস্থাত ওমৰৰ পৰিকল্পনা আছিল বোমা বিস্ফোৰণ ঘটোৱা।

এই উদ্দেশ্যে তেওঁ বাহনৰ পিছৰ আসনত বোমা মজুত ৰাখিছিল। তেওঁ জনসমাগমপূর্ণ লালকিল্লা পার্কিং স্থলত বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল বুলিও সূত্রই প্রকাশ কৰিছে। তেওঁৰ এই পৰিকল্পনাত আউল লগায় এটা ঘটনাই। এই ঘটনা হ’ল যোৱা সোমবাৰে তেওঁৰ একাংশ সতীর্থ বিস্ফোৰকসহ ফৰিদাবাদত জালত পৰে। তদুপৰি তেওঁ সোমবাৰে যে লালকিল্লা বন্ধ থাকে সেই কথাও লক্ষ্য নকৰিলে বুলি তেওঁৰ বিস্ফোৰণৰ প্ৰাকমুহূৰ্তৰ গতিবিধিয়ে ইংগিত দিছে। তেওঁ লালকিল্লাৰ পার্কিং স্থলত উপস্থিত হয় যদিও তাত জনসমাগম প্রত্যক্ষ নকৰিলে। ইয়ে তেওঁক হতাশ কৰাত এই পার্কিং স্থলত গাড়ীৰ ভিতৰতে তিনি ঘণ্টাৰো অধিক সময় বহি থাকে বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে। এই সময়ছোৱাত তেওঁ পৰৱৰ্তী পৰিকল্পনা প্রস্তুত কৰে বুলিও তদন্তকাৰীয়ে সন্দেহ প্রকাশ কৰিছে। এনেদৰে গাড়ীৰ ভিতৰত দীর্ঘ সময় ধৰি বহি থকাৰ পাছত তেওঁ ধীৰে ধীৰে গাড়ী চলাই নেতাজী সুভাষ মাৰ্গলৈ অগ্ৰসৰ হয়। নেতাজী সুভাষ মাৰ্গৰ এফালে লালকিল্লা আৰু আনটো ফালে চান্দনী চ’ক অৱস্থিত। ধীৰে ধীৰে তেওঁ যাত্ৰা কৰি থকা অৱস্থাতে লালকিল্লা মেট্র’ ৰেল ষ্টেছনৰ ওচৰত তেওঁৰ গাড়ীত থকা বিস্ফোৰকৰ বিস্ফোৰণ ঘটে। দেশজুৰি আলোড়ন তোলা এই বিস্ফোৰণত কমেও ১৩জন লোকৰ প্ৰাণহানি ঘটাৰ লগতে কমেও ৫০জন আহত হয়।

ফৰিদাবাদৰ পৰা লালকিল্লালৈ: এহেজাৰৰো অধিক চিচি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা

ফৰিদাবাদৰ পৰা লালকিল্লালৈ- এই পথছোৱাত থকা এহেজাৰৰো অধিক চিচি টিভি কেমেৰাৰ ফুটেজ বিগত ৪৮ ঘণ্টাত পৰীক্ষা কৰিছে দিল্লী বিস্ফোৰণৰ তদন্তত নিয়োজিত সংস্থাসমূহে। ইয়াৰ কাৰণ হৈছে আত্মঘাতী বিস্ফোৰণটোত ব্যৱহৃত বগা হুণ্ডাই আই-২০ গাড়ীখন ফৰিদাবাদস্থিত আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত একেৰাহে ১২দিন ধৰি ৰখাই থোৱাৰ তথ্য পোহৰলৈ আহিছে।

এই বৃহৎ পৰিমাণৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি তদন্তকাৰীয়ে বিস্ফোৰণৰ পূর্বে গাড়ীখনৰ গতিবিধি লক্ষ্য কৰিছে। সূত্রই জনোৱা মতে, বিস্ফোৰণৰ দিনা পুৱা ৮-১৩ বজাত বদবপুৰস্থিত হাৰিয়ানা-দিল্লী সীমান্তৰ টোলগেট অতিক্রম কৰি গাড়ীখনে দিল্লীত প্ৰৱেশ কৰে। দিল্লীত প্ৰৱেশ কৰাৰ পাছতে গাড়ীখনে ময়ুৰ বিহাৰ আৰু কনাট প্লেচৰ মাজেৰে আহি লালকিল্লাৰ ওচৰত উপস্থিত হয়।

এই যাত্ৰাৰ সময়ত ডাঃ ওমৰে পুৰণি দিল্লীৰ ওচৰৰ আছফ আলী পথত আধা ঘণ্টাৰ বাবে ৰৈছিল। চিচি টিভি ফুটেজত দেখা গৈছে যে তেতিয়া তেওঁ গাড়ীখনত অকলে আছিল। তাত আধা ঘণ্টা ৰোৱাৰ পাছত তেওঁ পুনৰ যাত্ৰা আৰম্ভ কৰে।

কনাট প্লেচ আছিল নেকি ডাঃ ওমৰৰ আক্ৰমণৰ লক্ষ্য?

বদৰপুৰ টোলগেটেৰে দিল্লীত প্ৰৱেশ কৰাৰ পাছত ডাঃ ওমবে প্রথমে ময়ূৰ বিহাৰৰ ফালে যাত্ৰা কৰে। উল্লেখ্য যে এই ঐতিহাসিক ময়ূৰ বিহাৰতে বিখ্যাত অক্ষৰধাম মন্দিৰ অৱস্থিত। ময়ূৰ বিহাৰৰ পৰা ওমৰে দিল্লীৰ হৃদপিণ্ডৰূপে খ্যাত কনাট প্লেচলৈ যাত্ৰা কৰে। তাৰ পৰাহে তেওঁ লালকিল্লালৈ যাত্রা কৰে।

গতিকে তেওঁৰ আক্ৰমণৰ লক্ষ্য কনাট প্লেচ অথবা ময়ূৰ বিহাৰ তথা অক্ষৰধাম মন্দিৰ আছিল নেকি বুলি চর্চা হৈছে। উল্লেখ্য যে যোৱা সোমবাৰে ওমৰে দিল্লীত প্রবেশ কৰাৰ প্ৰায় ১১ ঘণ্টাৰ পাছত লালকিল্লা মেট্র’ ৰেল ষ্টেছনৰ ওচৰত ভয়াবহ বিস্ফোৰণটো সংঘটিত হয়।

৩১ অক্টোবৰতে ম’বাইল ফোনৰ ছুইচ বন্ধ কৰে ডাঃ ওমৰে!

বিগত দিল্লী বিস্ফোৰণৰ ১০ দিন পূর্বে অর্থাৎ যোৱা ৩১ অক্টোবৰতে ডাঃ ওমৰে তেওঁৰ ম’বাইল ফোনৰ ছুইচ বন্ধ কৰে বুলি শেহতীয়া তদন্তত পোহৰলৈ আহিছে। অৱশ্যে কালি তেওঁৰ এজন আত্মীয়ই প্রকাশ কৰা অনুসৰি, যোৱা শুকুৰবাৰে তেওঁৰ স’তে পৰিয়ালৰ লোকে শেষবাৰৰ বাবে কথা পাতিছিল। তাৰ পাছতহে তেওঁৰ ম’বাইল ফোনৰ ছুইচ বন্ধ হয় বুলি সূত্রই প্রকাশ কৰিছিল।

ইয়াৰ বিপৰীতে কালি তদন্তকাৰীৰ সূত্রই প্রকাশ কৰে যে দৰাচলতে যোৱা ৩১ অক্টোবৰতে ডাঃ ওমৰে ম’বাইল ফোনৰ ছুইচ বন্ধ কৰে। তেওঁৰ ফোনৰ অন্তিম ‘ল’কেচন’ আল-ফালাহ চিকিৎসা মহাবিদ্যালয় আছিল। তদন্তকাৰীয়ে চিচি টিভি ফুটেজ পৰীক্ষা কৰি ধৰা পেলাইছে যে ঘটনাৰ দিনা তেওঁ ফৰিদাবাদৰ পৰা লালকিল্লালৈ যাত্রাপথত এবাৰো ম’বাইল ফোন ব্যৱহাৰ কৰা নাছিল। তেওঁৰ এনে আচৰণক লৈ তদন্তকাৰীৰ মনত প্রশ্ন উদয় হৈছে যে বিস্ফোৰণৰ পৰিকল্পনাৰ অংশৰূপে তেওঁ যাত্রাপথত ফোন ব্যৱহাৰ কৰা নাছিল বা ফোন লগত অনা নাছিল। ইয়াকে কৰিবলৈ তেওঁক পৰিচালনা কৰি থকা সন্ত্রাসবাদীয়ে নির্দেশ দিব পাৰে বুলিও তদন্তকাৰীয়ে সন্দেহ কৰিছে। তদন্তকাৰীয়ে লগতে আন এটা দিশো বিবেচনা কৰিছে যে ডাঃ ওমৰে সুকীয়া নম্বৰৰ এটা ‘বাৰ্ণাৰ ফোন’ লগত আনিছিল। সেই ফোন বিস্ফোৰণত ধ্বংস হয়। এই সকলো দিশ সামৰি তদন্তকাৰীয়ে বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bomb BlastDELHI
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d