Assam Cabinet Meeting:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মেধাৰ ভিত্তিত প্ৰদান কৰা ড:বাণীকান্ত কাকতি বঁটা শেষবাৰৰ বাবে প্ৰদান কৰা আৰু গুৱাহাটী উপগ্ৰহীয় নগৰৰ নক্সাত অনুমোদন দিয়াকে ধৰি কে’বাটাও সিদ্ধান্ত তথা প্রস্তাৱ শুকুৰবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকে গ্রহণ কৰে। দিল্লীত অনুষ্ঠিত এই বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে কে’বাটাও বিনিয়োগৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়।
মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ন্যূনতম ৮০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক ড: বাণীকান্ত কাকতি মেধা বঁটাত প্ৰদান কৰিবলগীয়া স্কুটীৰ বাবে আজি ১৪৫ কোটি টকাৰ অনুমোদন জনোৱা হয়। এই পুঁজিৰে এইবাৰ ১৭,৫২৬ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী প্রদান কৰা হ’ব। ইয়াৰ বাবে যি নিবিদা আহ্বান কৰা হ’ব, তাত প্ৰতিখন বাহনৰ বিপৰীতে ৮০ হেজাৰকৈ টকা ধাৰ্য কৰা হৈছে।
এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয়, ‘এই বটা এইবাৰেই শেষবাৰলৈ প্ৰদান কৰা হ’ব। বঁটাৰ পৰিৱৰ্তে নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখন শক্তিশালী কৰা হ’ব।’ আজি গুৱাহাটী উপগ্ৰহীয় নগৰৰ পৰিসীমাতো কেবিনেটে অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। কেবিনেটৰ অনুমোদনৰ পাছত ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণৰ বাবে ইয়াক ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
কেবিনেটত ৰাজ্যত দুখন পৌৰসভা গঠনৰো সিদ্ধান্ত গ্রহণ কৰা হয়। এই পৌৰসভা দুখন হ’ব দৰঙৰ দলগাঁও আৰু যোৰহাটৰ বৰহোলা। দলগাঁও পৌৰসভাত ১১টা বার্ড থাকিব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। তদুপৰি বৰ্তমানৰ ১২খন পৌৰসভাৰ সীমা পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত গৃহীত হয়। এই পৌৰসভা কেইখন হ’ল- তেজপুৰ, ঢেকিয়াজুলি, ধিং, মৰিয়নি, তিতাবৰ, বঙাইগাঁও, চিলাপথাৰ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, পাথাৰকান্দি, বোকাখাত আৰু বৰপথাৰ।
অসমত দুখন সংৰক্ষিত বনাঞ্চল গঠনৰ প্ৰস্তাৱো গ্রহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, এই বনাঞ্চল দুখন হ’ল ১২.৪৫ হেক্টৰ ভূমিৰ পুৰা চাপৰি আৰু লামডিঙৰ ৫.৬ হেক্টৰ ভূমিৰে আবৰা নখুঁটি ননকে। এই দুয়োটা স্থানতে বেদখল উচ্ছেদ কৰা হৈছিল। ইপিনে, আজি গৃহীত প্ৰস্তাৱ অনুসৰি, গংগোৱাল হেল্থকেয়াৰক অসমত ১৫২ কোটি টকা বিনিয়োগত অনুমোদন জনোৱা হয়। ইয়াৰ বাবে প্রতিষ্ঠানটোক তিনিচুকীয়া জিলাৰ উদ্যোগ পামত ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়।
তদুপৰি খাৰুপেটীয়াত ৰামকৃষ্ণ মিছনক শিক্ষানুষ্ঠান স্থাপনৰ বাবে ৫০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হয় বুলি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। একেদৰে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত জল পৰিবহণ বিভাগক ৬০ বিঘা ভূমি আবণ্টনৰ আন এক সিদ্ধান্তও কেবিনেটে লয়। মুখ্যমন্ত্রীয়ে লগতে সদৰী কৰে যে গডৰেজ কোম্পানীক কাছাৰৰ পাঁচ গ্ৰামত ৩৫ একৰ ভূমি আবণ্টন দিয়াৰো আন এক সিদ্ধান্ত গ্রহণ কৰা হয়। কোম্পানীটোৱে উক্ত ভূমিত স্থাপন কৰিবলগীয়া উদ্যোগত পাম তেল উৎপাদন কৰিব I
ADVERTISEMENT






























