Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা

কূটাঘাতৰ বাবে সাজু কৰিছিল ৩২খন গাড়ী

publisher by publisher
November 14, 2025
in India, News
Reading Time: 1 min read
0
যাত্রীক নমাবলৈ,দোকানৰ সামগ্রী কিনিবলৈ গৈ ঘূৰি নাহিল পংকজ-নোমানহঁত
1
SHARES
13
VIEWS
ShareShareShareShare

delhi :✒️পাকিস্তানী সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিলে দেশৰ তদন্তকাৰী সংস্থাই। যোৱা ১০ নৱেম্বৰৰ সন্ধিয়া দিল্লীত সংঘটিত আত্মঘাতী কাৰ বোমা বিস্ফোৰণৰ তদন্তত পোহৰলৈ আহিছে যে সন্ত্রাসবাদীয়ে ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন স্থানত এলানি ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। এই উদ্দেশ্যে সন্ত্রাসবাদীয়ে ৩২ খনকৈ গাড়ী সাজু কৰে। ইয়াৰে চাৰিখন গাড়ী ইতিমধ্যে চিনাক্ত তথা জব্দ কৰিছে নিৰাপত্তা সংস্থাই। এই চাৰিখন গাড়ীৰে অন্যতম হ’ল দিল্লী বিস্ফোৰণত ব্যৱহৃত হুণ্ডাই আই-২০ খন। আন তিনিখন গাড়ী বিভিন্ন স্থানৰ পৰা তদন্তকাৰীয়ে জব্দ কৰিছে। এই তিনিখন গাড়ীৰ এখন হ’ল মাৰুতি ছুজুকী ব্রীজা। আন দুখনৰ এখন মাৰুতি ছুইফট ডিজায়াৰ আৰু আনখন ফ’ৰ্ড ইক’ম্প’ট। ইয়াৰে ব্রীজা গাড়ীখন আল-ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তদন্তকাৰীয়ে জব্দ কৰিছে।

ADVERTISEMENT

হাৰিয়ানাত পঞ্জীয়নভুক্ত এই গাড়ীখনৰ নম্বৰ হ’ল এইছআৰ-৮৭ ইউ-৯৯৮৮। ইক’স্পটখনৰ নম্বৰ হ’ল ডিএল-১০ চিকে-০৪৫৮। তদন্তকাৰীয়ে বুধবাৰে এই গাড়ীখন ফৰিদাবাদৰ পৰা পৰিত্যক্ত অবস্থাত উদ্ধাৰ কৰে। তদন্তকাৰীয়ে গাড়ীখন উদ্ধাৰ কৰাৰ সময়ত গাড়ীখনৰ পাছফালৰ আসনত এজন যুৱক শুই আছিল। যুৱকজনৰ পৰিচয় বাতৰি লিখা পৰলৈ তদন্তকাৰীয়ে ৰাজহুৱা কৰা নাই। সম্প্রতি তেওঁ তদন্তকাৰীৰ জিম্মাত আছে। সূত্রই জনোৱা মতে, ফ’র্ড ইক’স্প’ট গাড়ীখন বিস্ফোৰক সামগ্ৰী সৰবৰাহত সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰে। এই ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব সন্ত্রাসবাদী সংগঠনে আঠজন লোকক দিছিল। পৰিকল্পনা অনুসৰি এই আঠজনীয়া দলটো দুজনীয়া একো একোটা গোটত বিভক্ত হৈ বিস্ফোৰণৰ পৰিকল্পনা প্রস্তুত কৰে। সেই অনুসৰি তেওঁলোকক সুকীয়াকৈ আইইডি যোগান ধৰাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে।

RelatedPosts

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

মণিপুৰত বোমা বিস্ফোৰণৰ পাছতে উত্তেজনা তীব্ৰ, পাঁচ জিলাত ইণ্টাৰনেট বন্ধ

২০ লাখ টকা সংগ্রহ কৰিছিল চাৰি চিকিৎসকে

সূত্রই জনোৱা মতে, চিকিৎসক মোজাম্মিল, ওমৰ, আদিল আৰু ছাহিন ছঈদে কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে ২০ লাখ টকা সংগ্ৰহ কৰে। এই ধন ডাঃ ওমৰক প্ৰদান কৰে চক্ৰটোরে। তেওঁক এই ধন যোগান ধৰাৰ কাৰণ আছিল যাতে তেওঁ বিস্ফোৰণ সংঘটিত কৰাৰ বাবে প্ৰয়োজনীয় খৰচ কৰিব পাৰে। সূত্ৰৰ মতে গুৰুগ্রাম, নুহ আৰু ওচৰ-পাঁজৰৰ অঞ্চলৰ পৰা চক্ৰটোৱে বিস্ফোৰক তৈয়াৰত ব্যৱহৃত এনপিকে ক্রয় কৰে। কেৱল সেয়াই নহয়, চক্রটোরে ছিগনেল এপত এটা গ্রুপো গঠন কৰে। এই গ্রুপ গঠন কৰে ডাঃ ওমৰে। গ্ৰুপটোত এই চাৰিজনীয়া চিকিৎসকৰ দলটো থকাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে। বিস্ফোৰক তৈয়াৰৰ উদ্দেশ্যে চক্ৰটোৱে হাৰিয়ানা তথা গুরুগ্রামৰ বিভিন্ন স্থানত ঘূৰা-পকা কৰাৰ তথ্যও তদন্তত উদ্ধাৰ হৈছে। এইদৰে ঘুৰা-পকা কৰি থকাৰ সময়ত চক্রটোৱে বোমা বিস্ফোৰণৰ বাবে স্থান চিনাক্তকৰণৰো চেষ্টা কৰে।

ছয় ডিচেম্বৰত দিল্লীত ছটা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্রাসবাদীয়ে

সূত্ৰই প্ৰকাশ কৰা মতে, পাকিস্তানী সন্ত্রাসবাদীয়ে দিল্লীকে ধৰি দেশৰ বিভিন্ন স্থানত ধাৰাবাহিক বিস্ফোৰণ ঘটাবলৈ কৰা পৰিকল্পনাৰ অংশ আছিল যোৱা সোমবাৰৰ দিল্লীৰ বিস্ফোৰণ। সন্ত্রাসবাদীয়ে অহা ছয় ডিচেম্বৰত দিল্লীৰ ছটা স্থানত বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। উল্লেখ্য যে অহা ছয় ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসৰ ৩৩ সংখ্যক বর্ষপূর্তি। ইয়াৰ ‘পোটক’ তোলাৰ উদ্দেশ্যে সন্ত্রাসবাদীয়ে এই ভয়াৱহ পৰিকল্পনা ৰচনা কৰাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে। কেৱল দিল্লীতে নহয়, উক্ত দিনা দেশৰ আন স্থানতো বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্রাসবাদীয়ে। এই উদ্দেশ্যে ৩২ খন গাড়ী সাজু কৰে সন্ত্রাসবাদীয়ে। এই ভয়াৱহ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে নিৰাপত্তা সংস্থাৰ চকুত ধূলি দিবলৈ কৌশল নিখুঁত কৰাত গুৰুত্ব আৰোপ কৰে সন্ত্রাসবাদীয়ে। এই কৌশলৰ অংশৰূপে উচ্চ শিক্ষিত তথা চিকিৎসকৰ দলক নিয়োগ কৰে সন্ত্রাসবাদীয়ে। উল্লেখ্য যে দিল্লী বিস্ফোৰণ তথা ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা কেইজন চিকিৎসা বিজ্ঞানৰ অধ্যাপক। উচ্চ শিক্ষিত চিকিৎসকক সন্ত্রাসবাদীয়ে নিয়োগ কৰাৰ কাৰণ হ’ল এনে ব্যক্তিক কোনেও সন্দেহ নকৰে। তেওঁলোকে অনায়াসে নিৰাপত্তা সংস্থাৰ চকুতো ধূলি দিবলৈ সক্ষম হয়। তৎসত্ত্বেও শেষ বক্ষা নহ’ল। এই সন্ত্রাসবাদী চক্রৰ অন্যতম ডাঃ আদিল বাথেৰ কিছুদিন পূর্বে উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত জালত পৰে। পাছত তেওঁ জেৰাত প্ৰকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ফৰিদাবাদৰ আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকক বৃহৎ সংখ্যক অস্ত্র-শস্ত্র আৰু বিস্ফোৰকসহ গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে ১৩ জন লোকৰ প্ৰাণহানি কৰা আৰু অনেকক আহত কৰা যোৱা সোমবাৰৰ সন্ধিয়াৰ দিল্লীৰ ভয়াৱহ বিস্ফোৰণ সংঘটিত কৰে আত্মঘাতী বোমাৰুৱে। অৱশ্যে ইয়াৰ পূৰ্বে সন্ত্রাসবাদী সংগঠনৰে জড়িত চিকিৎসকৰ দলটোরে আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ত প্রায় তিনি হেজাৰ কিলোগ্রাম বিস্ফোৰক সামগ্ৰী মজুত কৰে। দেশব্যাপী ধাৰাবাহিক বিস্ফোৰণ ঘটোৱাৰ উদ্দেশ্যে যে সন্ত্রাসবাদীয়ে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক মজুত কৰিছিল তাক লৈ কোনো সন্দেহ নাই। এই পৰিকল্পনাৰ চতুৰ্থটো পর্যায়ত কুটাঘাতকাৰী গোটসমূহৰ মাজত বিস্ফোৰক ভাগ কৰা হয়। পৰিকল্পনাৰ পঞ্চমটো স্তৰ আছিল কূটাঘাত কাৰ্যকৰীকৰণ। এই পৰিকল্পনাৰ সিংহভাগ ব্যর্থ কৰে নিৰাপত্তা সংস্থাই। একমাত্র দিল্লীৰ বিস্ফোৰণটোহে কাৰ্যকৰী কৰিবলৈ সক্ষম হয় সন্ত্রাসবাদীয়ে।

বিস্ফোৰণৰ ১৩ দিন পূর্বে শেষবাৰ মালিকীস্বত্ব সলনি হৈছিল আই-২০ গাড়ীৰ

দিল্লীত যোৱা ১০ নৱেম্বৰৰ সন্ধিয়া সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত আই-২০ গাড়ীখন পূর্বে কে’বাবাৰো বেচা-কিনা কৰা হয়। শেষবাৰৰ বাবে দিল্লীৰ বিস্ফোৰণৰ ১৩ দিন পূর্বে গাড়ীখন ১.৭০ লাখ টকাত বিক্রী হয়। এই তথ্য তদন্তত পোহৰলৈ আহিছে। সূত্রই প্রকাশ কৰা অনুসৰি, বিগত ১১ বছৰত গাড়ীখন মুঠ পাঁচবাৰ কিনা-বেচা হয়। অৱশ্যে গাড়ীখনৰ মালিকীস্বত্ব সলনি নহ’ল। গাড়ীখনৰ দ্বিতীয়জন মালিকে গাড়ীখন বিক্ৰী কৰাৰ পাছতো গাড়ীখনৰ মালিকীস্বত্ব তেওঁৰ নামতে থাকে। অৱশ্যে সূত্ৰৰ মতে, গাড়ীখন আত্মঘাতী বোমাৰু ডাঃ ওমৰৰ হাতলৈ কেনেকৈ গ’ল সেই তথ্য স্পষ্ট হোৱা নাই। তৎসত্ত্বেও গাড়ীখন যোৱা ২৯ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ হাৰিয়ানাৰ আল-ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত আছিল।

২৯ অক্টোবৰৰ দিনা আমিৰ নামৰ এজন লোকে অ’এলএক্সৰ জৰিয়তে এক লাখ ৭০ হেজাৰ টকাত গাড়ীখন ক্রয় কৰে। তেওঁক গাড়ীখন কিনাত সহায় কৰে ছনু নামৰ এজন গাড়ীৰ ডিলাৰে। ইতিমধ্যে তদন্তকাৰীয়ে তেওঁক সোধ-পোছ কৰিছে। তদন্তকাৰীৰ আগত ছনুৱে প্ৰকাশ কৰা অনুসৰি, গাড়ীখন ক্রয়-বিক্রয়ৰ বাবদ ১০ হেজাৰ টকা পায়। কেবল সেয়াই নহয়, গাড়ীখনৰ পঞ্জীয়ন নম্বৰ সলনিৰ দায়িত্বও তেওঁকে দিয়া হৈছিল। এই কাম সম্পন্ন কৰাৰ বাবে তেওঁ এমাহ সময় লৈছিল। কিন্তু কামটো সম্পূৰ্ণ হোৱাৰ পূৰ্বে গাড়ীখনৰ জৰিয়তে আত্মঘাতী বোমাৰুরে দিল্লীত বিস্ফোৰণটো সংঘটিত কৰে।

এই বগা ৰঙৰ হুণ্ডাই গাড়ীখনৰ নম্বৰ হৈছে এইছআৰ-২৬ চিই-৭৬৭৪। সূত্রই প্ৰকাশ কৰা অনুসৰি, ২০১৩ত গাড়ীখন সজা হয়। পাছৰ বছৰৰ ১৮ মাৰ্চত গাড়ীখন শ্ব’ৰুমৰ পৰা ক্ৰয় কৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ নাদিম নামৰ এজন লোকে। ক্রয় কৰাৰ কিছুদিন পাছতে নাদিমে গাড়ীখন বিক্ৰী কৰে। ২০১৪ত গাড়ীখন ক্রয় কৰে গুৰুগ্রামবে মহম্মদ ছলমানে। পৰৱৰ্তী সময়ত গাড়ীখন নিজৰ নামত পঞ্জীয়ন কৰায়। পাছত তেওঁ গাড়ীখন বিক্ৰী কৰে যদিও মালিকীস্বত্ব তেওঁৰ নামতে থাকে। সেয়ে দিল্লীৰ বিস্ফোৰণৰ পাছত তদন্তকাৰীয়ে মহম্মদকো সোধ-পোছ কবে। সোধ-পোছৰ সময়ত তেওঁ জনায় যে তেওঁ গাড়ীখন ওখলাৰ বাসিন্দা দেবেন্দ্রক বিক্ৰী কৰে।

সেই সূত্র ধৰি তদন্তকাৰীয়ে দেবেন্দ্রকো সোধ-পোছ কৰে। দেবেন্দ্ৰই সোধ-পোছৰ সময়ত প্রকাশ কৰে যে তেওঁৰ গাড়ীখন ফৰিদাবাদৰ অমিত পেটেলক বিক্ৰী কৰে। তেওঁৰ পৰা যোৱা ২৯ অক্টোবৰত আমিৰে গাড়ীখন ক্রয় কৰে। তেওঁৰ হাতৰ পৰাই গাড়ীখন ডাঃ ওমৰৰ হাতলৈ যায় বুলি সন্দেহ কৰা হৈছে। সেই সূত্রে গাড়ীখন যোৱা ২৯ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ আল-ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত আছিল। ইতিমধ্যে গাড়ীখনৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলি গৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bomb BlastDELHI
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d