Leopard:
হেৰাই যোৱা বন্যপ্রাণীক ঘূৰাই আনিবলৈ এসময়ত বিদেশৰ দ্বাৰস্থ হৈছিল কেন্দ্ৰ। এইবাৰ এই ক্ষেত্ৰত ‘আত্মনিৰ্ভৰ’ হৈ উঠিছে ভাৰত। সেই ক্ষেত্ৰত কোৱা হৈছে চিতা বাঘৰ প্ৰত্যাৱৰ্তন আৰু বংশবিস্তাৰৰ কথা।
দক্ষিণ আফ্রিকা আৰু নামিবিয়াৰ পৰা অনা চিতাৰ ভাৰতীয় সন্তানে এইবাৰ জন্ম দিলে পাঁচটা পোৱালি। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত এই পাঁচ চিতা পোৱালিৰ জন্মক কেন্দ্ৰ কৰি উৎসৱৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগে দাবী কৰিছে যে মুখী নামৰ সেই চিতাই একেবাৰে ইতিহাস ৰচনা কৰিছে। মাক আৰু পাঁচ সন্তান সম্প্রতি সুস্থ অৱস্থাত আছে। এই সুখবৰ জনাইছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱে।
উল্লেখ্য যে ‘প্রজেক্ট চিতা’ৰ ২০২২ত নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা মুঠ ১০টা চিতা বাঘ অনা হৈছিল। মধ্যপ্রদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত সেই চিতাখিনি জীয়াই থকাৰ বাবে প্রয়োজনীয় পৰিৱেশ সৃষ্টি কৰা হৈছিল।
অৱশ্যে ইয়াৰে একাংশৰ পৰিৱেশৰ সমস্যাৰ বাবেই মৃত্যু হয়। তাৰ মাজতো নতুন পৰিৱেশতো স্বাভাবিক হৈ যিকেইটা চিতা এতিয়া বাচি আছে, শতকৰা হিচাপত সিহঁত ৬১ শতাংশ। অর্থাৎ গড় হাৰতকৈ বেছি। বিশেষজ্ঞসকলে দিয়া পৰিসংখ্যা অনুসৰি, নতুন পৰিৱেশত মাত্র ৪০ শতাংশ চিতাহে জীয়াই থাকিব পাৰে।সেই হিচাপত চিতাৰ নিৰাপদ বাসস্থানৰূপে ভাৰত আগবাঢ়ি আছে। এয়াই ‘প্রজেক্ট চিতা’ৰ বৃহৎ সাফল্য।
কেন্দ্ৰৰ প্ৰধান লক্ষ্য আছিল ভাৰতত চিতাৰ বংশবিস্তাৰ। সেই অনুসৰিয়ে চিতাৰ মাজত সংগম কৰোৱা হয়। মধ্যপ্ৰদেশৰ পৰিৱেশত জন্ম লয় চিতাই। যাৰ নাম মুখী। কুনোৰ সেই ভাৰতীয় চিতা মুখীৰ সম্প্রতি বয়স ৩৩ মাহ, অর্থাৎ প্রায় তিনি বছৰ। এই মুখীয়েই এতিয়া পাঁচটি সন্তানৰ গর্বিত মাতৃ।
মুখীৰ এই ‘নৱজন্ম’ক নানা কাৰণতে বিশেষ বুলি কোৱা হৈছে। বিশেষজ্ঞৰ মতে, চিতাবোৰে যে ভাৰতীয় পৰিৱেশক ভালদৰে মানি ল’ব পাৰিছে আৰু লাহে লাহে জিনগত পৰিৱৰ্তন আহিছে, তাৰেই প্রমাণ এই পাঁচ সুস্থ পোৱালিৰ জন্ম। এতিয়াৰ পৰা আমাৰ দেশৰ জংঘলত স্থায়ী বাসিন্দাত পৰিণত হ’ল চিতাৰ দল। এই দাবী কৰিছে একাংশ বিশেষজ্ঞই।
এই মুহূর্তত কুনো ৰাষ্ট্ৰীয় উদ্যানৰ চিতা-জগতে প্রমাণ কৰিলে যে ‘এইদৰেও উভতি আহিব পাৰি।’ বন্যপ্রাণ বিশেষজ্ঞই লগতে মন্তব্য কৰিছে যে এই বিষয়ত সমগ্র বিশ্বক পথ দেখুৱালে ভাৰতে।



































