দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এইচ১বি ভিছাৰ নিয়ম পৰিৱৰ্তনৰ বাবে পুনৰ সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্রশাসন। বিদেশী দক্ষ কর্মী নিয়োগৰ ব্যয় অধিক বৃদ্ধিৰ নতুন প্রস্তাৱ প্ৰস্তুত কৰিলে ট্রাম্প প্রশাসনে।
ট্রাম্পৰ প্ৰশাসনৰ প্ৰস্তাৱিত নতুন নিয়ম কাৰ্যকৰী হ’লে এইচ১বি ভিছাৰ বাবে নিয়োগকাৰী সংস্থাই আদায় দিব লাগিব পাৰে এক লাখ তিনি হেজাৰ ২৬৫ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৯০ লাখ টকাৰ অতিৰিক্ত মাচুল।
প্ৰস্তাৱিত নিয়ম অনুসৰি, বাৰ্ষিক সীমাৰ ভিতৰত থকা মাচুলৰ বাদেও অতিৰিক্তভাৱে ১,০৩,২৬৫ ডলাৰ মাচুল ভৰিব লাগিব বিদেশী কর্মী নিয়োগকাৰী সংস্থাই।
এই ধন বৰ্তমানৰ এইচ১বি ভিছাৰ আবেদন মাচুলৰ বাহিৰে অতিৰিক্তভাৱে আদায় দিব লাগিব। উল্লেখ্য যে এইচ১বি ভিছা মূলত আমেৰিকাত দক্ষ বিদেশী কর্মী নিয়োগৰ বাবে প্ৰদান কৰা হয়।
প্রযুক্তি, ইঞ্জিনিয়াৰিংসহ বিভিন্ন বিশেষ ক্ষেত্ৰত নিযুক্তিৰ বাবে আমেৰিকাত এই ভিছাৰ যথেষ্ট চাহিদা আছে। ভাৰতীয় পেছাদাৰীৰ বহু লোকে আমেৰিকাত এই ভিছাৰ জৰিয়তে কৰ্মৰত হৈ আহিছে।
কিন্তু ট্রাম্প প্রশাসনে এইচ১বি ভিছাৰ নীতি কঠোৰ কৰাৰ লগতে ভিছা মাচুল অত্যধিক বৃদ্ধি কৰাত বিদেশী কৰ্মীৰ বাবে আমেৰিকাত নিয়োগ লাভ কঠিন হৈছে। অৱশ্যে ট্রাম্প প্রশাসনে নতুন ভিছা মাচুল নীতি বর্তমানে কাৰ্যকৰী কৰা নাই, ইয়াৰ বাবে কালিৰে পৰা ৩০ দিনৰ বাবে সাধাৰণ নাগৰিকৰ মতামত গ্ৰহণ কৰা হ’ব আৰু ইয়াৰ পাছতে চূড়ান্ত সিদ্ধান্ত ল’ব ট্রাম্প প্রশাসনে।































