Vrindavan:✒️ঠিক যেন আজিৰ যুগৰ ‘মীৰাবাঈ’! প্ৰেমৰ দেৱতাৰ প্ৰেমত পৰি ভক্তিৰ জোৱাৰত ভাহিছে উত্তৰপ্ৰদেশৰ বাদাউন জিলাৰ বিয়ৰ কাছিমাবাদ গাঁৱৰ এগৰাকী ২৮ বছৰীয়া যুৱতী। কৃষ্ণভক্ত মীৰাবাঈৰ দৰেই স্বেচ্ছাই ভগৱান শ্রীকৃষ্ণৰ স’তে বিবাহ বান্ধোনত আবদ্ধ হ’ল সেই ‘আধুনিক মীৰাবাঈ’।
সম্পূর্ণ বীতি অনুসৰি ধুমধামেৰে আয়োজিত হ’ল এই ব্যতিক্রমী বিবাহ অনুষ্ঠান। এই অভিনৱ বিয়াৰ সাক্ষী হৈ থাকিল সমগ্র গাঁওবাসী। বাদাউন জিলাৰ ইছলামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিয়ৰ কাছিমাবাদ গাঁৱৰ বাসিন্দা পিংকি শর্মা। স্নাতকোত্তৰ পৰ্যন্ত শিক্ষা অৰ্জন কৰা এই যুৱতীয়ে সম্প্রতি জীৱনসংগীৰূপে বাছি লৈছে এটি কৃষ্ণমূর্তিক।
যোৱা শনিবাৰে যাবতীয় ৰীতি-নীতি অনুসৰি প্ৰেমৰ দেৱতাৰ স’তে বিবাহপাশত আবদ্ধ হয় পিংকি। আনহাতে, দেওবাৰে ৰীতি অনুসৰি কন্যাদান পর্বও সমাপন হয়। পিংকিৰ পৰিয়ালে যুৱতীগৰাকীৰ ইচ্ছাকেই গুৰুত্ব প্রদান কৰে। ফলত যাৱতীয় নিয়ম অনুসৰিয়ে বিবাহ অনুষ্ঠান সম্পন্ন হয়। আনকি কৃষ্ণমূর্তিক নিজৰ কোলাত লৈ তেওঁ হোমৰ চাৰিওফালে সাতপাকো সম্পূর্ণ কৰে।
অভিনৱ বিবাহ অনুষ্ঠানৰ পাছত নিজকে শ্যাম (শ্রীকৃষ্ণ) ৰ পত্নীৰূপেই চিনাকি দিয়ে পিংকিয়ে। নিজৰ সিদ্ধান্ততে যে কৃষ্ণ দেৱতাক বিয়া কৰাইছে আৰু তেওঁৰ স’তেই যে বাকী জীৱনটো কটাব বিচাৰে, সেই কথাও জনাইছে যুৱতীগৰাকীয়ে।
পিংকিৰ পিতৃ সুৰেশ চন্দ্রই জনায় যে তেওঁৰ কন্যা শৈশৱৰ পৰাই কৃষ্ণভক্ত আছিল। পিতৃয়ে লগতে জনায় যে বৃন্দাবনলৈ গৈ এক ‘অলৌকিক’ ঘটনাৰ সাক্ষী হোৱাৰ পাছতে পিংকিয়ে সিদ্ধান্ত লৈছিল যে মানৱ নহয়, বৰঞ্চ ভগৱান শ্রীকৃষ্ণকহে তেওঁ বিয়া কৰাব।
ইপিনে, চৰ্চাৰ কেন্দ্ৰবিন্দুত থকা পিংকিয়ে জনাইছে যে তেওঁৰ জীৱন ঈশ্বৰৰ প্ৰতি উৎসর্গিত। পিংকিয়ে কৰি কৰি কিছু কিছু শব্দ প্রকাশ কৰি দিয়ে।
এইবোৰ ভাৱনাৰ মাজতে যদি কোনো পৰিচিত মুখ দেখা পায়, তেতিয়াই কুকুৰবোৰ অত্যন্ত উচ্ছ্বসিত হৈ পৰে। হৃদয়ৰ সমস্ত আবেগ উজাৰি দি দৌৰি যায় সেই পৰিচিত লোকজনৰ কাষলৈ। এই ক্ষেত্ৰত সিহঁতৰ মানুহৰ স’তে অনেক মিল আছে বুলিও গৱেষকসকলে মন্তব্য কৰিছে।
লগতে কয় যে শিক্ষাৰ নিজস্ব স্থান আছে; কিন্তু তেওঁৰ শান্তি নিহিত হৈ আছে কৃষ্ণৰ প্ৰতি ভক্তি আৰু আত্মসমর্পণৰ মাজত। ভাৰত যে শ্রীচৈতন্য, মীৰাবাঈৰ দেশ, সেই কথাই যেন নতুনকৈ মনত পেলাই দিলে উত্তৰপ্ৰদেশৰ এই যুৱতীয়ে।






























