Pandu College:
মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত অঘটন ৷ মহাবিদ্যালয়ৰ প্ৰসাৱগাৰত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ হুৱাদুৱা লাগে । মৃত ছাত্ৰজনৰ নাম ৰুবাইল আলম ৷ ঘৰ হোজাইত ৷ স্নাতক বিজ্ঞান শাখাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল ৰুবাইল ৷
ADVERTISEMENT
উল্লেখ্য যে ছয়দিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰজন ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ জৰিয়তে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰিছে। ছয়দিন ধৰি নিখোঁজ হৈ থকা ছাত্ৰজন প্ৰসাৱগাৰত মৃত অৱস্থাত উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷



































