Delhi:✒️দিল্লি-সহ উত্তৰ ভাৰতৰ বিস্তৃত অঞ্চলত অব্যাহত আছে শীতপ্ৰবাহ ।যাৰ ফলত দ্ৰুতগতিত হ্ৰাস পাইছে তাপমাত্ৰা। ৰাজধানী দিল্লিত একেৰাহে তিনিদিন ধৰি সৰ্বনিম্ন তাপমাত্ৰা চাৰি ডিগ্ৰীৰ আশে-পাশে ।
বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱা ৮:৩০ বজাত ছফদৰজংত সৰ্বনিম্ন তাপমাত্ৰা ৪.৮ ডিগ্ৰী চেলছিয়াছ। যদিও পূৰ্বৰ দুদিনৰ তুলনাত এয়া সামান্য বৃদ্ধি, তথাপিও আন কেবাটাও অঞ্চলত শীতকালৰ পৰিস্থিতি যথেষ্ট বেলেগ।
বতৰ বিজ্ঞান বিভাগে জনাইছে যে পশ্চিম হিমালয় অঞ্চলৰ পৰা অহা শীতল বতাহৰ ফলতেই উত্তৰ ভাৰতৰ বহু অঞ্চলত শীতৰ প্ৰভাৱ বৃদ্ধি পাইছে।
এই শীতপ্ৰবাহ সোমবাৰলৈকে অব্যাহত থাকিব পাৰে আৰু আগন্তুক কেইদিনত পুৱা সময়ত তাপমাত্ৰা তিনিৰ পৰা পাঁচ ডিগ্ৰী চেলচিয়াছলৈ নামিব পাৰে বুলি পূৰ্বাভাস দিয়া হৈছে।
শনিবাৰটো আছিল দিল্লীত ঋতুৰ আটাইতকৈ ঠাণ্ডা দিন। সেইদিনা সৰ্বনিম্ন তাপমাত্ৰা আছিল ৪.২ ডিগ্ৰী চেলছিয়াছ। শুকুৰবাৰেও তাপমাত্ৰা চাৰি ডিগ্ৰীৰ ওচৰত আছিল।
বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে যে পশ্চিম হিমালয় অঞ্চলৰ পৰা দিল্লী আৰু উত্তৰ ভাৰতৰ অধিকাংশ অঞ্চলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে।
লগতে আজি পুৱা নূন্যতম উষ্ণতা ৩-৫ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনাও আছে। উল্লেখযোগ্য যে ২০২৫ চনৰ জানুৱাৰী মাহত দিল্লীত কোনো শীতল ঢৌ নাছিল।কিন্তু ২০২৪ চনৰ জানুৱাৰী মাহত পাঁচ দিন ধৰি শীতল ঢৌৱে বিৰাজ কৰিছিল।






























