Tapan Kr .Gogoi:
দলীয় নেতৃত্বই কথা দিও কথা নৰখা ক্ষোভত সমাগত নিৰ্বাচনত নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ।
সোণাৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি নিশ্চিত থাকিও অৱশেষত বঞ্চিত হোৱা সোণাৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে দলত্যাগৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ৷ আনকি ইতিমধ্যে তেওঁৰ মনোনয়নপত্ৰ সংগ্ৰহ কৰিছে তেওঁৰ ঘনিষ্ঠ নেতা এজনে ৷ শনিবাৰে হয়তো গগৈয়ে নিৰ্দলীয় ৰূপে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে আছুৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ২০১৬ ত সোণাৰিৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰি পৰৱৰ্তী সময়ত যোৰহাটৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হৈছিল যদিও ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হাতত পৰাভূত হয় ৷






























