Nagaon Bye Election::নগাঁও সংসদীয় উপ-নিৰ্বাচনৰ তিনি হাইপ্ৰফাইল প্ৰাৰ্থীয়ে আজি দাখিল কৰিব মনোনয়ন
বিজেপিৰ দেৱাশিস,কংগ্ৰেছৰ শিৱামণি আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমলে দাখিল কৰিব মনোনয়ন
নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিব ইউনুছ তামুলীয়ে
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও সংসদীয় সমষ্টিৰ উপ- নিৰ্বাচন এতিয়া ৰাজ্যবাসীৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ সমষ্টিটোত শাসক বিৰোধীত তিনিজনকৈ হাইপ্ৰফাইল প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়োৱাত সমষ্টিটোৰ নিৰ্বাচনী যুঁজ খন আকৰ্ষণীয় হৈ পৰিছে ৷ বিজেপিয়ে নগাঁও জিলাৰ সদ্য প্ৰাক্তন আয়ুক্ত দেৱাশিস শৰ্মাক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক ৷ আনহাতে এআইইউডিএফ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰি দলটোৰ মুৰব্বী তথা বিনাকান্দী সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলক৷ আনহাতে নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছে বহু বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলীয়ে ৷
উল্লেখ্য যে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা এগৰাকী প্ৰাক্তন এচিএছ বিষয়া হোৱাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী দেৱাশিস শৰ্মাই এগৰাকী প্ৰাক্তন আইএএছ বিষয়া৷ কাৰ্যত দুয়োগৰাকী প্ৰাক্তন আমোৰ মাজতে নিৰ্বাচনী যুঁজ খন হ’ব যদিও নিৰ্ণায়ক ভূমিকা ল’ব এআইইউডিএফৰ বদৰুদ্দিন আজমলে ৷
আনহাতে তিনিও দলৰ তিনিওজন প্ৰাৰ্থীয়ে বিশাল ৰেলীৰে আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত নিজ নিজ মনোনয়ন দাখিল কৰিব ৷ বিজেপি প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ মনোনয়ন দাখিল পৰ্বত এনডিএ সহযোগী দলৰ কে’বাজনো মন্ত্ৰী নেতাৰ উপৰিও স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা মনোনয়ন দাখিলৰ সময়ত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ,বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী,সাংসদ ৰকিবুল হুছেইন সহ দলৰ বিধায়ক সকল উপস্থিত থাকিব ৷
ADVERTISEMENT































