Gold:✒️দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ চাপৰ ফলত সোণ আৰু ৰূপৰ মূল্যত উল্লেখযোগ্য পতন দেখা গৈছে। শেহতীয়া ব্যৱসায়ত সোণৰ দাম প্ৰায় ৭,০০০ পৰ্যন্ত হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ১৩,০০০–১৪,০০০ পৰ্যন্তলৈ হ্ৰাস পাইছে।
বজাৰ বিশেষজ্ঞসকলৰ মতে, এই পতনৰ মূল কাৰণ হৈছে বিশ্বজুৰি বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ আশংকা আৰু অশোধিত তেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ।
মধ্যপ্ৰাচ্যত চলি থকা ভূ-ৰাজনৈতিক উত্তেজনাই তেলৰ দাম বঢ়াই তুলিছে, যাৰ ফলত বিশ্ব অৰ্থনীতিত অনিশ্চয়তা বৃদ্ধি পাইছে।
এই পৰিস্থিতিত বিনিয়োগকাৰীসকলে সুৰক্ষিত সম্পদ হিচাপে সোণৰ পৰা কিছু পৰিমাণে আঁতৰি অধিক লাভজনক বিনিয়োগ মাধ্যমৰ দিশে ঘূৰি যোৱাৰ ফলতো মূল্যৰ ওপৰত চাপ পৰিছে।
বিশেষকৈ বিশ্বজুৰি সুতৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনাই “non-yielding asset” হিচাপে সোণ-ৰূপৰ আকর্ষণ হ্ৰাস কৰিছে।
আনহাতে, শক্তিশালী আমেৰিকান ডলাৰ আৰু বজাৰত তৰলতাৰ চাহিদাও এই পতনৰ অন্যতম কাৰণ বুলি বিশ্লেষকসকলে উল্লেখ কৰিছে।
শেহতীয়া তথ্য অনুসৰি, সোণৰ মূল্য বহু মাহৰ নিম্নতম স্তৰত নামি আহিছে, আৰু ৰূপৰ ক্ষেত্ৰতো একেধৰণৰ ধাৰা দেখা গৈছে।






























