LPG :✒️দেশত অব্যাহত থকা LPG সংকট এতিয়াও চিন্তাজনক অৱস্থাতেই আছে। এই পৰিস্থিতিত তেল বিপণন কোম্পানীসমূহে এক নতুন ব্যৱস্থাৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। প্ৰতিবেদন অনুসৰি, আগন্তুক সময়ত সাধাৰণ ১৪.২ কেজিৰ ঘৰুৱা গেছ চিলিণ্ডাৰত পূৰ্ণ পৰিমাণৰ ঠাইত মাত্ৰ ১০ কেজি LPG ভৰ্তি কৰি গ্ৰাহকৰ মাজত বিতৰণ কৰাৰ সম্ভাৱনা উত্থাপন হৈছে।
পশ্চিম এছিয়াৰ অস্থিৰ পৰিস্থিতিৰ ফলত LPG আমদানিত ব্যাঘাত ঘটাৰ লগতে দেশীয় মজুত ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। এই কাৰণতেই সীমিত মজুত অধিক সংখ্যক পৰিয়ালৰ মাজত বণ্টন কৰিবলৈ এই ধৰণৰ বিকল্প কৌশল বিবেচনা কৰা হৈছে বুলি অনুমান কৰা হৈছে।
যদি এই সিদ্ধান্ত কাৰ্যকৰী হয়, তেন্তে ইয়াৰ প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ ওপৰত পৰিব। আগতে যি গেছ চিলিণ্ডাৰ এটা অধিক দিন চলিছিল, এতিয়া সেয়া তুলনামূলকভাৱে কম সময়তেই শেষ হ’ব পাৰে, ফলত অধিক সঘনাই বুকিং কৰিবলগীয়া হ’ব আৰু গৃহস্থালীৰ খৰচো বৃদ্ধি পোৱাৰ আশংকা আছে।
ইফালে, এই পৰিৱৰ্তন কাৰ্যকৰী কৰাটো কোম্পানীসমূহৰ বাবেও সহজ নহ’ব। বটলিং প্লান্টত নতুন ওজন ব্যৱস্থা স্থাপন, চিলিণ্ডাৰৰ লেবেলিং পৰিৱর্তন আৰু প্ৰয়োজনীয় অনুমতি সংগ্ৰহ আদি বিষয়ত ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিব লাগিব। হঠাৎ এই ধৰণৰ পৰিৱৰ্তনত গ্ৰাহকৰ অসন্তোষো বৃদ্ধি পোৱাৰ সম্ভাৱনা নাকচ কৰিব নোৱাৰি।
সামগ্ৰিকভাৱে ক’বলৈ গ’লে, দেশত LPG সংকট এতিয়া এক গুৰুত্বপূর্ণ পৰ্যায়ত উপনীত হৈছে, আৰু পৰিস্থিতি চম্ভালিবলৈ চৰকাৰ আৰু কোম্পানীসমূহে বিভিন্ন বিকল্প উপায় বিচাৰি উলিয়াবলৈ বাধ্য হৈ পৰিছে।






























