অসমত ঘৰুৱা LPG চিলিণ্ডাৰৰ কোনো নাটনি হোৱা নাই বুলি স্পষ্টকৈ জনাইছে ইণ্ডিয়ান অইল কৰ্পোৰেচনে(Indian Oil Corporation)। সংস্থাটোৱে কয় যে ৰাজ্যজুৰি গ্ৰাহকসকলক নিয়মীয়াকৈ গেছ চিলিণ্ডাৰ যোগান ধৰা হৈ আছে আৰু বৰ্তমান যোগান ব্যৱস্থা সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত আছে।
ইয়াৰ লগতে চিলিণ্ডাৰ বুকিঙক লৈ কিছুমান গুৰুত্বপূৰ্ণ নিয়মো ঘোষণা কৰা হৈছে। সেই অনুসৰি, নগৰাঞ্চলৰ গ্ৰাহকসকলে ২৫ দিনৰ ব্যৱধানত দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব
আনহাতে গ্ৰামাঞ্চলৰ গ্ৰাহকসকলৰ ক্ষেত্ৰত এই সময়সীমা ৪৫ দিন ধাৰ্য কৰা হৈছে। সংস্থাটোৱে কয় যে, এই ব্যৱস্থাৰ জৰিয়তে সকলো গ্ৰাহকৰ মাজত সমানভাৱে চিলিণ্ডাৰ বিতৰণ নিশ্চিত কৰা সম্ভৱ হ’ব।
আনহাতে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা(Pradhan Mantri Ujjwala Yojana)ৰ অধীনত চিলিণ্ডাৰ লাভ কৰিব বিচৰা গ্ৰাহকসকলৰ বাবে e-KYC প্ৰক্ৰিয়া বাধ্যতামূলক কৰা হৈছে।
লগতে উত্তৰ-পূৰ্বাঞ্চলত যিসকল গ্ৰাহকে দীৰ্ঘদিন ধৰি চিলিণ্ডাৰ নোলোৱা, তেওঁলোকৰ ক্ষেত্ৰতো e-KYC সম্পূৰ্ণ কৰাটো আৱশ্যক বুলি জনাইছে অইল কৰ্তৃপক্ষই।
সংস্থাটোৱে আৰু স্পষ্ট কৰে যে, এই পদক্ষেপসমূহ গ্ৰহণ কৰাৰ মূল উদ্দেশ্য হৈছে যোগান ব্যৱস্থাত স্বচ্ছতা আৰু নিয়মীয়তা বজাই ৰখা, লগতে প্ৰকৃত গ্ৰাহকসকলে যেন সময়মতে সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা।






























