LPG:✒️পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰভাৱৰ মাজতে দেশত LPG (ৰন্ধন গেছ) যোগান লৈ উদ্বেগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চ পৰ্যায়ৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Narendra Modi)য়ে।
এই বৈঠকত দেশত অত্যাৱশ্যকীয় ইন্ধন সামগ্ৰীৰ যোগান যাতে বিঘ্নিত নহয় তাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হয়।
বৈঠকত বিশেষকৈ LPG যোগান অব্যাহত ৰখা, বিতৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু সম্ভাৱ্য সংকটৰ আগতেই প্ৰস্তুতি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহক সমন্বয় বজাই ৰাখি পৰিস্থিতি মোকাবিলা কৰিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম এছিয়াৰ চলি থকা যুদ্ধৰ ফলত বিশ্বজুৰি ইন্ধন যোগান ব্যৱস্থাত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। এই পৰিস্থিতিত ভাৰত চৰকাৰে আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি দেশৰ অভ্যন্তৰীণ যোগান ব্যৱস্থা সুৰক্ষিত কৰাৰ চেষ্টা কৰিছে।
বৈঠকত এই কথাও স্পষ্ট কৰা হয় যে, সাধাৰণ নাগৰিকৰ মাজত অযথা আতংক সৃষ্টি নকৰিবলৈ উৰা বাতৰি আৰু ভুল তথ্যৰ পৰা সতৰ্ক থাকিব লাগিব। চৰকাৰৰ মতে, দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বজাই ৰখাৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, ইন্ধন, সাৰ আৰু বিদ্যুৎ যোগান একেলগে নিশ্চিত কৰাৰ বাবে চৰকাৰৰ বিভিন্ন শাখাৰ মাজত সমন্বয় অধিক শক্তিশালী কৰা হৈছে ।
বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ বিশ্ববজাৰত তেল আৰু গেছৰ মূল্যত অস্থিৰতা সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ পৰিকল্পনা গ্ৰহণ কৰা চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই বৈঠকৰ জৰিয়তে এটা স্পষ্ট বাৰ্তা দিয়া হৈছে—দেশত LPG বা অন্য অত্যাৱশ্যকীয় ইন্ধনৰ কোনো তাৎক্ষণিক সংকট নাই, আৰু যোগান নিশ্চিত কৰিবলৈ চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত।






























