চাইবাৰ প্ৰৱঞ্চকে পৰিস্থিতিৰ সুযোগ লৈ এইবাৰ এলপিজি বুকিঙক প্ৰৱঞ্চনাৰ নতুন হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। মধ্য প্রাচ্যৰ যুদ্ধৰ কাৰণত বিশ্বজুৰি ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে।
এনে পৰিস্থিতিত চাইবাৰ প্ৰৱঞ্চকে সুযোগ গ্রহণ কৰি বিভিন্ন লোকলৈ এলপিজি বুকিঙৰ নামত নানা ধৰণৰ ভুৱা মেছেজ প্ৰেৰণ কৰি লুণ্ঠনৰ জাল পাতিছে।
আপুনিও যদি এছএমএছ, হোৱাটছএপ আদিৰ জৰিয়তে এলপিজি বুকিঙৰ সন্দৰ্ভত কিবা বার্তা লাভ কৰে, তেন্তে তেনে বাৰ্তাৰ লিংকত ক্লিক কৰাৰ পূৰ্বে সাৱধান হওক।
অন্যথা চাইবাৰ প্ৰৱঞ্চকে আপোনাৰ একাউণ্ট হেক কৰিব আৰু বেংক একাউণ্টৰ ধন লুট কৰিব পাৰে। আৰক্ষীৰ চাইবাৰ অপৰাধ নিয়ন্ত্রণ বিভাগে বিগত কিছুদিন ধৰি এলপিজি বুকিঙৰ নামত হোৱা প্ৰৱঞ্চনাৰ এনে বহু অভিযোগ লাভকৰিছে।
প্ৰৱঞ্চকে আর্জেন্ট এলপিজি বুকিং, লিমিটেড ষ্ট’ক, ডিছকাউন্ট অফাৰ, গেছ কানেকচন কর্তন বা বন্ধ কৰাৰ নামত ভুৱা বাৰ্তা প্ৰেৰণ কৰিছে। এই ধৰণৰ বাৰ্তাত তলৰ লিংক বা ৱেবছাইটৰ লিংকত ক্লিক কৰিবলৈ কোৱা হয়।
এই ধৰণৰ বাৰ্তা লাভ কৰিলে কেতিয়াও লিংকত ক্লিক কৰিব নালাগে। এলপিজি বুকিং কেৱল অফিচিয়েল এপ, ৱেবছাইট আৰু সংশ্লিষ্ট বিতৰকৰ জৰিয়তে কৰা উচিত। অনলাইনযোগে ধন জমা দিয়াৰ পূৰ্বে সত্যতা নিৰূপণ কৰা জৰুৰী।






























