Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

APCC Pressmeet in Rajib Bhawan :গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাংসদ অখিলেশ প্ৰসাদ সিঙৰ গুৰুত্বপূৰ্ণ সংবাদমেল

জুবিন গাৰ্গক বিদেশলৈ নিয়াসকল কোন আছিল সেই কথাৰ বিষয়ে অসমবাসীৰ লগতে সমগ্ৰ দেশবাসী অৱগত, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত কংগ্ৰেছে কৃষকৰ সকলো ঋণ মাফ কৰিছিল, অসমতো কৃষকৰ অৱস্থা উন্নত কৰা হ’ব

publisher by publisher
April 4, 2026
in News
Reading Time: 1 min read
0
APCC Pressmeet in Rajib Bhawan :গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাংসদ অখিলেশ প্ৰসাদ সিঙৰ গুৰুত্বপূৰ্ণ সংবাদমেল
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

APCC Pressmeet in Rajib Bhawan :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসমৰ সৈতে বিহাৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ৷ অসমৰ চাহ আৰু চাহ বাগান আজি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হোৱাৰ ক্ষেত্ৰত বিহাৰৰ শ্ৰমিকে সহায় কৰিছে৷ অবিভক্ত বিহাৰৰ আদিবাসী সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল৷ সেইসকল লোকে চাহ বাগানক সমগ্ৰ বিশ্বত স্থাপিত কৰাত সহায় কৰিছে৷ ব্ৰিটিছ শাসনকালত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত আহোম জনগোষ্ঠীৰ নেতৃত্বত ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াইছিল৷ ব্ৰিটিছৰ সাহস হোৱা নাছিল অসমৰ মানুহক আক্ৰমণ কৰিবলৈ৷ অসমৰ সাম্ৰাজ্যৰ পতন কৰিব পৰা নাছিল ব্ৰিটিছে৷ কিন্তু শোচনীয় অৱস্থাৰ মাজেৰে আজিৰ অসম আগবাঢ়িছে৷— ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত আজি এইদৰে কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ :০ অখিলেশ প্ৰসাদ সিঙে।

ADVERTISEMENT

তেওঁ আৰু কয়, ”আপোনলোক সকলোৱে জানে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ দৰে পৃথিৱীত ক’তো এনে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী নাই৷ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ কাহিনী দেশৰ গাঁৱে গাঁৱে আজি চৰ্চা হৈছে৷ মানুহ মুখ্যমন্ত্ৰী হয় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ৷ ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়৷ আমাৰ সংবিধানত কল্যাণকামী ৰাষ্ট্ৰৰ পৰিকল্পনা কৰা হৈছিল৷ কেনেদেৰ গৰীৱ, আশাহত লোকসকলক মুখ্যধাৰাৰ সৈতে জড়িত কৰি শিক্ষা, স্বাস্থ্যৰ সুবিধা প্ৰদান কৰিব পৰা যায়, তেওঁলোকক সংস্থাপন দিব পৰা যায়৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ এইবিলাক কথাক লৈ কোনো ভ্ৰুক্ষেপ নাই৷’’ তেওঁ কয় যে মুখ্যমন্ত্ৰীজনৰ চৰকাৰে এক চিণ্ডিকেট স্থাপন কৰি পৰিকল্পিতভাবে অসমক লুণ্ঠন কৰিছে৷ আজি এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ২ লাখ কোটিতকৈ অধিক ঋণ লৈছে৷ এই ঋণৰ ভাৰ ৰাজ্যখনৰ নাগৰিকৰ ওপৰত পৰিছে৷ বিপৰীতে আপোনালোকৰ সন্মুখত আছে গৌৰৱ গগৈ৷ গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈৰ সৈতে মই কাম কৰিছো৷ তৰুণ গগৈক মই মুখ্যমন্ত্ৰীৰূপে দেখিছো৷ তৰুণ গগৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ কাৰ্যকাল আমি দেখিছো৷ তেওঁ অসমৰ মান-মৰ্যাদা উচ্চ শিখৰলৈ নিছিল৷ আজি মই গৌৰৱ গগৈক সংসদত সহযোগী সদস্যৰূপে পাইছো৷ গৌৰৱ গগৈয়ে যেতিয়া সংসদত বক্তব্য ৰাখে তেতিয়া মোৰ এনে লাগে যে তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি অসমখনক উচ্চ শিখৰলৈ নিব খোজে৷ এই সপোন প্ৰতিগৰাকী অসমীয়াৰ সপোন৷

সিঙে কয়, ”আজি কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ আজি দুৰ্নীতিত নিমজ্জিত চৰকাৰখনক অসমৰ সকলো ভাই-ভনী অসমীয়াই ৯ এপ্ৰিলত বিদায় দিয়ক৷ ভোটৰ দ্বাৰা এইখন চৰকাৰক আক্ৰমণ কৰক৷ এইখন চৰকাৰক আমি খেদিব লাগিব৷ এইখন চৰকাৰে কেৱল সংঘৰ্ষ, হিন্দু-মুছলমান কৰি শাসনত যিকোনো প্ৰকাৰে থাকিব বিচাৰিছে৷ আজি অসমে এইখন চৰকাৰক ১ মিনিটৰ বাবে সহ্য কৰি থাকিব নোৱাৰে৷ চাহ বাগিচাৰ লোক, শ্ৰমিক, কৃষকৰ আজি ভয়াৱহ অৱস্থা৷ এইসকলৰ বাবে কোনো সুবিধা নাই৷ সেইকাৰণে এইসকল লোকে এইখন চৰকাৰক বিদায় দিব৷’’

তেওঁ আৰু কয় যে কংগ্ৰেছ দলে গাঁও আৰু গৰীৱৰ বাবে এক সুযোগ লৈ আহে৷ আমি অসমতো কেইটামান গেৰাণ্টী প্ৰদান কৰিছো৷ আমি মহিলাসকলক গেৰাণ্টী দিছো৷ মহিলাসকলক প্ৰতিমাহে একাউণ্টযোগে নগদ ধন দিয়া হ’ব৷ কোনো মহিলাই যদি ব্যৱসায় আৰম্ভ কৰিব খোজে তেন্তে ৫০ হাজাৰ টকা সাহায্য প্ৰদান কৰা হ’ব৷ অসমবাসীয়ে জানে যে কি পৰিস্থিতিত জুবিন গাৰ্গক ৰহস্যজনক স্থিতিত বাহিৰলৈ প্ৰেৰণ প্ৰেৰণ কৰা হৈছিল৷ জুবিন গাৰ্গক বাহিৰলৈ নিয়া লোকসকল কোন আছিল সেই কথাৰ বিষয়ে অসমবাসী আৰু দেশবাসী অৱগত৷ কংগ্ৰেছ দলে গেৰাণ্টী দিছে যে কংগ্ৰেছ চৰকাৰে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে৷ আমি সিদ্ধান্ত লৈছো যে জুবিন গাৰ্গৰ নামত এখন আৰ্ট আৰু সংস্কৃতিৰ সৈতে জড়িত বিশ্বস্তৰীয় প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব৷ এইখন চৰকাৰে ভূমিহীনক যি অস্থায়ী পট্টা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে ভূমিহীনক স্থায়ী ম্যাদী পট্টা প্ৰদান কৰিব৷ জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে সুকীয়া বিভাগ স্থাপন কৰা হ’ব আৰু মাহিলী ১২৫০ টকা দিয়া হ’ব৷ প্ৰতিটো পৰিয়ালক স্বাস্থ্য বীমা যোগে ২৫ লক্ষ টকাৰ বীমা প্ৰদান কৰা হ’ব৷ আমাৰ নেতা ৰাহুল গান্ধীই অসমলৈ আহি স্পষ্ট কৰিছে যে অসমত ২৪৪এ কাৰ্যকৰী কৰিম৷ ভাৰতীয় সংবিধানৰ ধাৰা ২৪৪ যোগে স্বায়িত্ব শাসিত অঞ্চলসমূহৰ পৰিচালনাৰ বাবে ব্যৱস্থা প্ৰদান কৰা হ’ব৷ যাতে সেই অঞ্চলৰ সিদ্ধান্ত গুৱাহাটী আৰু দিল্লীৰ পৰা লোৱা নহয়৷ এয়া কোনো প্ৰতিশ্ৰুতি নহয় অসমৰ ভৱিষ্যতৰ কথা৷ আমি অধিকাৰ অসমৰ প্ৰতিঘৰ লোকলৈ প্ৰেৰণ কৰিব খোজো৷ আজি অসমবাসীয়ে জানে যে আদানিৰ সৈতে বিদ্যুৎ ক্ষেত্ৰত এক চুক্তি কৰা হৈছে৷ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীয়ে এই চুক্তি কৰিছে৷ ২০৩৫-৩৬ বৰ্ষলৈ ২৮৫০ মেগাৱাট বিদ্যুৎ প্ৰয়োজন হ’ব৷ কিন্তু আদানিৰ সৈতে ৩২০০ মেগাৱাট বিদ্যুতৰ চুক্তি কৰা হৈছে৷ ব্যৱস্থাক কেনেদৰে ভ্ৰষ্টাচাৰত নিমজ্জিত কৰা হৈছে এয়া এক উদাহৰণ৷

অখিলেশ প্ৰসাদ সিঙে কিছুদিন পূৰ্বে অসমলৈ এখন বিয়া খাবলৈ অহাৰ প্ৰসংগ টানি আনি পিএছঅ’ আৰু গাড়ীৰ চালকে তেওঁক অৱগত কৰা কিছু কথা সংবাদমেলত উল্লেখ কৰে৷ কামাখ্যাত পূজা কৰিবলৈ যোৱাৰ সময়ত অখিলেশ প্ৰসাদ সিঙক গাড়ীৰ চালকজনে কৈছিল যে ৰাস্তাত প্ৰত্যক্ষ কৰা গ্ৰীণ বাছ দেখুৱাই চালকজনে কৈছিল যে ছাৰ এই বাছবোৰ যে দেখিছে এইসমূহ মুখ্যমন্ত্ৰীৰ পত্নীৰ৷ কেৱল বাছেই নহয় পঞ্চতাৰকা হোটেল দেখুৱাই কৈছিল যে এইখনো মুখ্যমন্ত্ৰীৰ৷ তেওঁলোকে মোক কৈছিল যে ১০ৰ পৰা ১২ হাজাৰ বিঘা মাটিত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে কব্জা কৰিছে৷ যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে লুণ্ঠন কৰিছে সেইখন ৰাজ্যৰ গৰীৱ জনতাৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেয় চিন্তা কৰিবলগীয়া৷ মই আজিৰ সংবাদমেলৰ পৰা অসমৰ ভোটদাতা মুৰব্বীসকলক আহ্বান কৰিব খুজিছো যে এইখন চৰকাৰক ভোটেৰে আক্ৰমণ কৰি কংগ্ৰেছৰ চৰকাৰ গঠন কৰক৷ যাতে অসমৰ মানুহৰ আকাংক্ষা আৰু আশা অনুযায়ী এখন চৰকাৰ অসমত পৰিচালিত হয়৷ যিসকল লোকে অসহায় অৱস্থাত জীয়াই থাকিবলৈ বাধ্য হৈছে তেওঁলোকক মুখ্য ধাৰাৰ সৈতে সংপৃক্ত কৰিব পৰা যায়৷ যিখন চৰকাৰে সকলোকে কৃষি কাৰ্য, দৰৱৰ ব্যৱস্থা কৰিব পাৰে৷ বানৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা হওক৷ অসমত প্ৰাকৃতিক যেনে কয়লাৰ ভাণ্ডাৰ আছে৷ তাৰ লাভ ৰাইজে পাও আৰু দেশৰ বিকশিত ৰাজ্যৰ তালিকাত অসম সন্নিৱিষ্ট হওক৷

কংগ্ৰেছৰ চৰকাৰ আহিলে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকে উচিত দাম লাভ কৰিব পাৰিব বুলিও কয় বিহাৰ কংগ্ৰেছৰ নেতাগৰাকীয়ে৷ কংগ্ৰেছ চৰকাৰে পূৰ্বৰে পৰা সিদ্ধান্ত লৈছে যে আমাৰ চৰকাৰ গঠন হ’লে কৃষকৰ উৎপাদিত ফচলক ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইন প্ৰস্তুত কৰিম৷ মই নিজে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ মনমোহন সিং চৰকাৰৰ দিনত ভাৰত চৰকাৰৰ কৃষি আৰু খাদ্য মন্ত্ৰী আছিলো৷ মোদী চৰকাৰে কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ কথা কৈছিল যদিও কৃষকৰ উপাৰ্জন দুগুণ নহ’ল কিন্তু সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত কৃষকৰ খৰছ দুগুণ বৃদ্ধি পালে৷ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত ধানৰ এমএছপি প্ৰতি কুইণ্টলত ৫৫০ টকা আছিল সেই ধানৰ দাম প্ৰতি কুইণ্টলত মনমোহন সিঙৰ চৰকাৰে ১১৫০ টকালৈ বৃদ্ধি কৰিছিল৷ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত গেহুৰ এমএছপি ৬২০ টকা আছিল৷ মনমোহন সিঙৰ চৰকাৰ ১২৪০ টকালৈ বৃদ্ধি কৰিছিল৷ এনেদৰে কৃষকৰ সকলো ফচলৰ দাম বৃদ্ধি কৰা হৈছিল৷ কেৱল ইমানেই নহয়, কৃষকৰ ৭৫ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰা হৈছিল আমাৰ চৰকাৰৰ দিনত৷ ভাৰতৰ কোনো চৰকাৰে আজিলৈ সেই কাম কৰা নাই৷ বিজেপিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু কাম নকৰে বুলিও কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে সময় আহিলে বিজেপিয়ে প্ৰতিশ্ৰুতিক ‘ঝুমলা’ আছিল বুলি কৈ দিয়ে৷ ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছতে কৃষকক কৰা প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছো৷ আমি এই ৰাজ্যসমূহত এমাহৰ ভিতৰত কৃষক ঋণ মাফ কৰিছো৷ আমি অসমত যি প্ৰতিশ্ৰুতি দিছো সেয়া চৰকাৰ গঠনৰ পিছতে পূৰণ কৰিম৷ দক্ষিণৰ ৰাজ্য, মহাৰাষ্ট্ৰ, গুজৰাটৰ দৰে উন্নত ৰাজ্যৰ শাৰীলৈ লৈ যাম অসমক৷ মই আশা কৰিছো যে ভ্ৰষ্টাচাৰত ডুবি থকা চৰকাৰক বিদায় দিবলৈ অসমৰ মাতৃ, ভগ্নী, যুৱক, কৃষক, মজদুৰে এটা এটা ভোট প্ৰদান কৰি এইখন চৰকাৰক বিদায় দি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব৷ অসমত এখন জনতাৰ দ্বাৰা জনতাৰ কাম কৰা চৰকাৰ গঠন হ’ব ৷

সাংসদ অখিলেশ প্ৰসাদ সিঙে বিহাৰত নিৰ্বাচনৰ মাজতে মহিলাৰ একাউণ্টত ১০ হাজাৰকৈ টকা প্ৰদান কৰাৰ প্ৰসংগ টানি আনি কয় যে আজি বিহাৰৰ পৰিস্থিতি কি সকলোৱে জানে ৷ মাৰ্চ মাহৰ দৰমহা দিবলৈ চৰকাৰৰ টকা নাই ৷ লোভ দি ভোট সংগ্ৰহ কৰা পৰম্পৰাৰ বিৰুদ্ধে ৰাইজে সেয়ে আঁতৰি থাকিব লাগে বুলিও কয় সিঙে ৷ তেওঁ অসমৰ জনতাক আহ্বান জনাই কয়, ”বিহাৰৰ পৰা মানুহে শিক্ষা ল’ব লাগে ৷ বিহাৰৰ দৰেই যদি অসমত হয় তেন্তে ইয়াৰো জনসাধৰণৰ অৱস্থা বেয়াৰ দিশে যাব ৷ মই নাভাবো যে অসমৰ মানুহ এনে জালত ভৰি দিব ৷’’

উল্লেখ্য যে আজিৰ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰুণ ত্ৰিপাঠিয়েও অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing MP Akhilesh Prasad SinghApcc PressmeetGuwahatiRajib Bhawan
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d