Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Kumari Selija Pressmeet :গুৱাহাটীৰ ৰাজীৱ ভৱনত লোকসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

পৱন খেৰাৰ এক ব্যক্তিত্ব আছে, যি তথ্য তেওঁৰ হাতলৈ আহিছে সেই কথাই তেওঁ কৈছেঃ কুমাৰী শৈলজা

publisher by publisher
April 6, 2026
in News
Reading Time: 1 min read
0
Kumari Selija Pressmeet :গুৱাহাটীৰ ৰাজীৱ ভৱনত লোকসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাৰ গুৰুত্বপূৰ্ণ সংবাদমেল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Kumari Selija Pressmeet:

মই অসমৰ পৱিত্ৰ ভূমিত উপস্থিত হৈ এই সময়ৰ অসমৰ আইকন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ ইতিহাসত সময়ে সময়ে আইকনৰ জন্ম হয় ৷ আজিৰ অসমৰ ভূমিৰ আইকন হৈছে জুবিন গাৰ্গ ৷ জুবিন গাৰ্গ কোনো দলৰ নহয়৷ কিন্তু এই ভূমিৰ তেওঁ পুত্ৰ ৷ প্ৰতিগৰাকী লোকৰ সৈতে উঠা-বহা কৰি মৰমৰ আদান-প্ৰদান কৰিছিল ৷ তেওঁ আজিৰ নহয়, আহি থকা কেইবা শতিকাৰ আইকন হৈ ৰ’ব ৷ মানুহে তেওঁক সদায়েই মনত ৰাখিব ৷

ADVERTISEMENT

আমি অসমৰ জনগণৰ আৱেগক গুৰুত্ব প্ৰদান কৰি ন্যায় প্ৰদান কৰিব লাগিব৷ আমি সামাজিক ন্যায় প্ৰদান কৰিব লাগিব৷ এই ন্যায়ৰ ক্ষেত্ৰত প্ৰথম ন্যায় লাভ কৰিব লাগিব জুবিন গাৰ্গে৷- ৰাজীৱ ভৱনত আজি এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় হাৰিয়ানাৰ পৰা কংগ্ৰেছৰ লোকসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় কুমাৰী শৈলজাই।

তেওঁ আৰু কয় যে ন্যায় ব্যৱস্থাই এখন সমাজ, ৰাজ্য আৰু দেশক আগুৱাই নিয়ে৷ মানুহৰ পাৰদৰ্শিতাৰ আধাৰত ন্যায় লাভ কৰিব লাগে ৷ মোৰ শিক্ষা অনুযায়ী মোক ন্যায় দিব লাগে ৷ সামাজিক অসমতা অনুযায়ী ন্যায় লাভ কৰিব লাগে৷ মহিলা, যুৱককে ধৰি সকলো বৰ্গৰ লোকে ন্যায় পাব লাগে আৰু কংগ্ৰেছ দলে এই ন্যায়ৰ ব্যৱস্থা প্ৰদান কৰিছে ৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে সামাজিক ন্যায়ৰ কথা কৈ আহিছে ৷ জাতি জনগণনা, সামাজিক ন্যায় আদিৰে সকলোৱে ন্যায় লাভ কৰাৰ কথা ৰাহুল গান্ধীয়ে৷ প্ৰতিটো বৰ্গই নিজৰ অধিকাৰ লাভ কৰিব লাগিব ৷ সেইকাৰণে কংগ্ৰেছ দলে ৫টা গেৰাণ্টী প্ৰদান কৰিছে ৷ এই গেৰাণ্টীৰ অৰ্থই হৈছে ন্যায় ৷ ইউপিএ চৰকাৰৰ অধ্যক্ষ আছিল ছোনীয়া গান্ধী ৷ আমাৰ চৰকাৰে অধিকাৰ দিবলৈ কাম কৰিছিল ৷

আজি অসমত অধিকাৰৰ চৰ্চা হৈছে৷ ভেদভাৱ অবিহনে সকলোৱে সমান অধিকাৰ লাভ কৰিব লাগে৷ ধৰ্ম, জাতিৰ ভিত্তিত ভেদভাৱ হ’ব নালাগে৷ আজি অসমত ধৰ্মৰ কথা কৈ মানুহক বিভাজন কৰা হৈছে ৷ বিজেপিয়ে সদায় বিভাজনৰ কথা কয় ৷ আজি বিজেপিয়ে ইউনিফৰ্ম চিভিল কোডৰ কথা কয় ৷ ইউচিচিৰ উদ্দেশ্য কি? আমি কৈ আহিছো যে সকলোৱে ন্যায় পাব লাগে৷ সকলোৱে যাতে সমান অধিকাৰ লাভ কৰে আৰু অধিকাৰ লাভ কৰে তাৰ কথা ক’ব লাগে৷ বিজেপিয়ে নিৰ্বাচনৰ উদ্দেশ্যে ইউচিচিৰ কথা কয়৷ মানুহক বিভাজন কৰাৰ সুযোগ লাগে৷ সংখ্যাগুৰুৰ ভোট লাগে ৷ ইজনে সিজনক সন্দেহৰ দৃষ্টিৰে যাতে চাও ৷

বিজেপিয়ে কামৰ কথা কৈ ভোট খুজিব নোৱাৰে ৷ সেয়ে নিৰ্বাচন আহিলেই ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰে৷ আজি অসমবাসীয়ে কথাবোৰ বুজিব পাৰিছে ৷ নিৰ্বাচনত চৰকাৰৰ প্ৰকৃত সত্যতা ৰাজহুৱা হ’ব লাগে ৷ মই আজি সংবাদমেলৰ পৰা সংবাদিক বন্ধুসকলক আহ্বান জনাও যে প্ৰকৃত সত্যতাক দেখুওৱাক। সংবাদমাধ্যমে আমাক সমৰ্থন কৰিব নালাগে ৷ কিন্তু নিৰপেক্ষ হৈ প্ৰকৃত সত্যতা দেখুওৱাক ৷ সকলো লোক একত্ৰিত হৈ থাকিলে সমাজ তথা ৰাজ্য এখনৰ উন্নতি হয় ৷ বিভাজনৰ দ্বাৰা উন্নয়ন নহয় ৷

নেত্ৰীগৰাকীয়ে আৰু কয় যে আমি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছো ৷ ইউচিচিৰ কথা কোৱা বিজেপিয়ে বিগত ১২ বছৰত জনজাতিকৰণ নকৰিলে ৷ যাক অধিকাৰ লাগে সেইসকলক অধিকাৰ নিদিয়ে৷  আমি কোচ-ৰাজবংশী, আহোম. মৰাণ. মটক, চাহ জনগোষ্ঠী-আদিবাসী, চুতীয়াক জনজাতিকৰণ কৰিম ৷ এইখন চৰকাৰে ইয়াৰ বাবে একো নকৰিলে ৷ ইয়াৰ জনগণৰ দ্বাৰা গঠিত চৰকাৰে ইয়াৰে জনগণৰ বাবে একো নকৰিলে ৷

কেৱল নিৰ্বাচনৰ সময়ত বিভাজনৰ কথা কয়৷ বিভাজনৰ ফলাফল ভাল নহয়৷ এক হৈ বহুত কাম কৰিব পাৰি ৷ কংগ্ৰেছে সদায় মিলিজুলি থকাৰ কথা কয়৷ আমি যেতিয়া এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ কৰিম তেতিয়া জনগোষ্ঠীকেইটাই শিক্ষা, চাকৰি, ৰাজনৈতিক অধিকাৰত সংৰক্ষণ লাভ কৰিব৷ এয়াই হ’ব সৱলীকৰণ ৷ ভৌগোলিকভাবে হাৰিয়ানা বা দিল্লীৰ পৰা অসম দূৰত আছে যদিও আমি তাৰ পৰাই লক্ষ্য কৰি আছো যে বিজেপিয়ে অসমক ক’লৈ লৈ গ’ল ৷ মই আগতে আহি অসমখনক দেখিছো ৷ হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ চৰকাৰৰ দিনত অসমলৈ আহিছো ৷ অসমৰ জনগণৰ ইচ্ছাক কংগ্ৰেছ চৰকাৰে প্ৰাথমিকতা দিছিল ৷ ৰাজীৱ গান্ধীৰ সময়ত অসমত গুৰুত্ব দিয়া হৈছিল ৷ দেশৰ অখণ্ডতাক গুৰুত্ব দিছিল৷ ৰাজীৱ গান্ধীয়ে অসমৰ লগেত বহু ৰাজ্যত চুক্তি স্বাক্ষৰ কৰিছিল৷ মানুহৰ ইচ্ছা আৰু আকাংক্ষাক গুৰুত্ব দিছিল ৷

”সামাজিক ন্যায় আৰু সৱলীকৰণৰ লক্ষ্য কৰিয়েই আমি গেৰাণ্টী দিছো ৷ মহিলাক ৫০ হাজাৰ টকা ব্যৱসায় আৰম্ভ কৰৰ বাবে দিয়া হ’ব ৷ এয়া মহিলাৰ সৱলীকৰণ আৰু স্বাৱলম্বীৰ বাবে ৷ অসমৰ মহিলাই সন্মানজনকভাৱে পৰিশ্ৰম কৰে ৷ আমি বহু ৰাজ্যত দেখিছো নিৰ্বাচনৰ আগত মহিলাৰ একাউণ্টত ৯ হাজাৰ বা ১০ হাজাৰ দিয়ে ৷ বিজেপিয়ে কেৱল দলৰ কথা কয় ৷ চৰকাৰৰ ধনেৰে একাউণ্টত টকা দি বিজেপিয়ে দিয়া বুলি কয়৷ মহিলাৰ ঘৰলৈ গৈ বিজেপিয়ে টকা দিয়া বুলি কয়৷ কিন্তু কংগ্ৰেছে কেৱল স্বাৱলম্বী কৰিবলৈ কাম কৰে৷’’- কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়।

তেওঁ আৰু কয় যে আজি পৰিয়ালসমূহৰ বেছি খৰচ হয় চিকিৎসাত৷ মানুহৰ ঘৰৰ সামগ্ৰী বন্ধকত ৰাখিবলগীয়া হয় ৷ কংগ্ৰেছে অসমৰ প্ৰতিগৰাকী লোকৰ বাবে ২৫ লক্ষ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰিব৷ যাৰ যি ৰোগ হয় সেই টকাৰে চিকিৎসা কৰিব পাৰিব৷ আমি জ্যেষ্ঠ নাগৰিকক ১২৫০ টকা প্ৰদান কৰিম৷ আমি জ্যেষ্ঠ নাগৰিকৰ বাবে এটা সুকীয়া বিভাগ স্থাপন কৰিম৷ ভাৰতৰ দৰে এখন দেশত এনে লোকক গুৰুত্ব দিয়াটো কৰ্তব্য৷ জ্যেষ্ঠ নাগৰিকে ন্যায় লাভ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰায় দিবলগীয়া হৈছে৷ শেষ সময়ছোৱাত জ্যেষ্ঠসকলৰ বিপদত পৰিব নালাগে৷ বয়স বাঢ়ি যোৱাৰ পিছত মানুহে গম পাই কিমান অকলশৰীয়া হ’বলগীয়া হয়৷ জ্যেষ্ঠ নাগৰিকক সুবিধা দিয়াৰ চিন্তা কেৱল কংগ্ৰেছ চৰকাৰে কৰে ৷

তেওঁ আৰু কয়, ”অসমৰ ১০ লাখ ভূমিপুত্ৰক আমি ম্যাদী পট্টা প্ৰদান কৰিম৷ এনে বহু লোক আছে যিয়ে বসবাস কৰি আছে কিন্তু সেই মাটি তেওঁলোকৰ নামত নাই৷ কিন্তু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে৷ চৰকাৰে প্ৰয়োজন হ’লে লৈ লয়৷ কিন্তু তাৰ বিনিময়ত ক্ষতিপূৰণ নাপায়৷ আমি ১০ লাখ লোকক পট্টা প্ৰদান কৰিম৷ তেওঁলোকে নিজৰ ভূমি, ঘৰ লাভ কৰি সৱলীকৰণ হ’ব আৰু সুখী হ’ব৷ মাটিৰ মালিকীস্বত্ব লাভ কৰিব৷ প্ৰয়োজনত যাতে বিক্ৰী কৰিব পাৰে৷ আমাৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে এনে কথাবোৰক বিশেষভাবে গুৰুত্ব দিয়ে৷

জুবিন গাৰ্গে ন্যায় লাভ কৰিব লাগিব বুলি উল্লেখ কৰি শৈলজাই কয় যে এতিয়ালৈ কেৱল ন্যায়ৰ নামত পকাই থকা হৈছে৷ তেওঁৰ নামটোক ব্যৱহাৰ কৰা হৈছে৷ মানুহক ভ্ৰমিত কৰা হৈছে৷ এইখন চৰকাৰে এতিয়ালৈ ক’ব নোৱাৰিলে যে জুবিন গাৰ্গৰ সৈতে হৈছিল কি? সকলো বয়সৰ লোকৰ আইকন, যিয়ে ৰিক্সাৱালা, ধনী-দুখীয়া সকলোৰে সৈতে বহিব পৰা এজন ব্যক্তি আছিল জুবিন গাৰ্গ৷ মানুহৰ বেদনা বুজিব পাৰিছিল৷ সকলোৱে ভাবিছিল জুবিন আমাৰ৷ জুবিন সকলোৰে যদি আমাৰ জুবিনে ন্যায় লাভ নকৰিলে কিয়? কিয় ন্যায়ৰ নামত চক্ৰবেহু তৈয়াৰ কৰা হৈছে৷ জুবিনৰ সৈতে কি হৈছিল সেয়া জানিবলৈ অসমবাসীৰ অধিকাৰ নাই নেকি? জুবিনৰ নিজৰ পৰিয়ালটোৱে তেওঁৰ পৰিয়াল নহয় অসমৰ প্ৰতিটো পৰিয়াল জুবিন গাৰ্গৰ পৰিয়াল৷ সকলোৱে ভাবিছে যে মোৰ পৰিয়ালৰ এজন লোকৰ সৈতে এনে কাণ্ড সংঘটিত হ’ল কিন্তু ন্যায় দিয়া নহ’ল কিয়৷ কংগ্ৰেছ দলে প্ৰতিশ্ৰুতি দিছে যে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় লাভ কৰিব৷ সমগ্ৰ অসম ফুলৰ থােপাৰ দৰে৷ ৰামধেনুৰ দৰে অসম৷ ইয়াৰ প্ৰতিগৰাকী লোকক ন্যায় লাভ কৰিব লাগে৷

হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ পাছপৰ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদান কৰি চেলজাই কয় যে পৱন খেৰা এনেয়ে কথা নকয়৷ তেওঁ আমাৰ ৰাষ্ট্ৰীয় মিডিয়া বিভাগৰ অধ্যক্ষ৷ নিজৰ কৰ্তব্য বুজি সম্পূৰ্ণ তথ্য দাঙি ধৰি অভিযোগ উত্থাপন কৰিছে৷ তেওঁ এনেকুৱা নহয় যে যেনে-তেনে কথাবোৰ কৈ দিব ৷ দিল্লীত মিডিয়াৰ সন্মুখত বিনা তথ্যই কথাবোৰ কৈ দিব ৷ পৱন খেৰাৰ এক ব্যক্তিত্ব আছে ৷ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে তেওঁ এনেই যি-তি কথা কৈ নিদিয়ে। যি সত্যতা তেওঁৰ হাতলৈ আহিছে সেই কথাই তেওঁ কৈছে৷ তথ্যৰ সত্যতা নিৰূপণ কৰি কথাবোৰ দাঙি ধৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Congress mp kumari selijaGuwahatiPressmeetRajib Bhawan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d