শৈশৱৰ সোণালী দিনবোৰত সিহঁতবোৰে দেখিছে মাথোঁ যুদ্ধৰ ভয়াৱহতা। চৌদিশে প্রিয়জনক হেৰুওৱাৰ বেদনা। গাজাত এই দৃশ্য একেবাৰেই নতুন নহয়। অৱশ্যে সম্প্রতি এটা ভিডিঅ’ত দেখা গৈছে ধ্বংসৰ অন্য এক ৰূপ।
গাজাৰ কেইটিমান শিশুৱে আয়োজন কৰিছে নিজৰ প্ৰিয় পুতলাৰ শেষকৃত্য। এই শিশু কেইটিৰ এনে খেলৰ ধাৰণা ক’ৰ পৰা আহিছে, সেয়া নতুনকৈ কোৱাৰ হয়তো কোনো প্রয়োজন নাই।
এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে যে এই ভিডিঅ’ পেলেষ্টাইনৰ এজন সামাজিক মাধ্যমৰ সৃষ্টিকর্তা (কন্টেন্ট ক্রিয়েটব) ই প্রস্তুত কৰিছে। ভিডিঅ’ত দেখা গৈছে যে পাঁচটি শিশুৱে নিজৰ নিজৰ প্ৰিয় পুতলাৰ শেষকৃত্যৰ আয়োজন কৰিছে।
সিঁহতৰ সৰু সৰু কান্ধত উঠি আহিছে নিজৰ নিজৰ পুতলাৰ ‘মৃতদেহ’। নগ্ন, ধূলি-বালিৰে আবৰা সেই পুতলাক এখন স্ট্রেচাৰত শুৱাই থোৱা হৈছিল। সেই স্ট্রেচাৰতে পুতলাবোৰ শিশু কেইটিয়ে কান্ধত উঠাই নিছে। লাহে লাহে সিহঁতে সেই স্ট্রেচাৰ মূৰত তুলি লয়। তাৰ পাছত আগবাঢ়ি যায় কবৰৰ ফালে।
এই খেল অৱশ্যে কোনো পৰিচিত শৈশৱৰ খেল নহয়। সেই খেলাৰ ধৰণ সেই শিশু কেইটিৰ মনলৈ আহিছে দিনৰ পাছত দিন ধৰি নিজৰ প্ৰিয় মানুহবোৰক হেৰুওৱাৰ পাছত। সেই শোক, সেই চিৰবিদায়ৰ যন্ত্রণাই আনি দিলে সিহঁতৰ জীৱনলৈ পুতলাৰ শেষকৃত্যৰ চিন্তা।
যি বয়সত সকলো সময়তে হাঁহি-ধেমালিৰে খেলি কটোৱাৰ কথা, সেই সময়তে ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ ভয়াৱহ স্মৃতিয়ে এই শিশুহঁতৰ মনলৈ আনি দিছে শোকৰ ছাঁ। সংঘর্ষই সিহঁতক বাধ্য কৰাইছে লুকাচুৰি খেলাৰ পৰিৱৰ্তে প্রিয় পুতলাৰ শেষকৃত্যৰ আয়োজন কৰিবলৈ।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে এই খেলৰ ভিতৰত লুকাই থকা যন্ত্ৰণাৰ কথা ভাবিয়েই শিয়ৰি উঠিছে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰী। এজন লোকে লিখিছে, ‘এয়া আমাৰ বাবে সবাতোকৈ ডাঙৰ লজ্জা। গুড ফ্রাইডেৰ সন্ধিয়া এই ভিডিঅ’ চকুত পৰিল। শৈশৱৰ স্বপ্ন, সাবল্য আৰু সিহঁতৰ ভৱিষ্যৎ, এইবোৰকে আজিও ক্রুছবিদ্ধ কৰা হৈছে। আমি জানো সিহঁতৰ বাবে এই বিশ্বত অকণমান শান্তি আনিব নোৱাৰোনে?’
আন এজনে লিখিছে, ‘এটা সমগ্ৰ প্ৰজন্মৰ শৈশৱ ধ্বংস হৈ গ’ল। সমগ্র জীবনটো এই মানসিক যন্ত্রণাই ইহঁতক কুটি কুটি খাব। অৱশ্যে তেতিয়ালৈ যদিহে জীয়াই থাকে, তেতিয়াহে।’
উল্লেখ্য যে সংঘৰ্ষৰ বাবে বিগত ১৬ মাহত গাজাত প্রায় ৭৫ হেজাৰ লোকৰ মৃত্যু হৈছে। ২০২৩ৰ সাত অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্র প্রয়োগ কৰাৰ পাছৰে পৰা সংঘৰ্ষ আৰম্ভ হয়। তেতিয়াৰে পৰা ২০২৫ৰ পাঁচ জানুৱাৰী পর্যন্ত কলো মিলাই ৪২,২০০ মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ মৃত্যু হৈছে।






























