জ্যেষ্ঠ ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টিৰ(Nationalist Congress Party ) ৰ মূখ্য নেতা শৰদ পাৱাৰ (Sharad Pawar )হঠাৎ অসুস্থ হৈ মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
সূত্ৰ অনুসৰি, দুদিন পূৰ্বে তেওঁৰ শাৰীৰিক অৱস্থা অৱনতি ঘটাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
চিকিৎসা সূত্ৰে জনোৱা মতে, ৮৫ বছৰীয়া নেতাজনৰ বুকুত সংক্রমণ ধৰা পৰিছে বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমান তেওঁৰ অৱস্থা স্থিৰ আছে। প্ৰাথমিক পৰীক্ষা-নিৰীক্ষাৰ বাবে তেওঁক চিকিৎসালয়ত ৰখা হৈছে।
শেহতীয়াকৈ শৰদ পাৱাৰৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ পোৱা গৈছিল। কিছুমান দিন আগতে তেওঁক হুইলচেয়াৰত বহি সংসদৰ উচ্চ সদনত শপথ লোৱা দেখা গৈছিল।
ইয়াৰ উপৰি চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতো বুকুৰ সংক্রমণ আৰু ডিহাইড্ৰেশ্যনৰ বাবে তেওঁ পুনেৰ এখন চিকিৎসালয়ত চিকিৎসাধীন আছিল।
এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ কন্যা তথা সাংসদ সুপ্ৰিয়া ছুলে (Supriya Sule) জনাইছে যে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ অংশ হিচাপেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পিছতহে তেওঁৰ স্বাস্থ্য সম্পৰ্কে স্পষ্ট তথ্য পোৱা যাব বুলি তেওঁ কয়।
উল্লেখযোগ্য যে, বাৰামতিত অনুষ্ঠিত হ’বলগীয়া বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰাৰ কথা আছিল শৰদ পাৱাৰৰ। কিন্তু অসুস্থতাৰ বাবে তেওঁ উক্ত কাৰ্যসূচীত উপস্থিত থাকিব পৰা নাই।






























