Robbers arrested in Dalgaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দৰং জিলাত শেহতীয়াকৈ ক্ৰমাৎ বৃদ্ধি পাইছে চোৰ- ডকাইতৰ সন্ত্ৰাস ৷ নিশা হ’লেও চাফাই অভিযান চলে চোৰ- ডকাইতৰ ৷ চোৰ- ডকাইতৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰা ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দৰং আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে মঙলবাৰে আৰক্ষী জালত পৰে ৬ ডকাইত ৷
বিশেষ খবৰৰ ভিত্তিত দৰং আৰক্ষীৰ এটা দলে যোৱা নিশা দলগাঁৱৰ ৩ নং শ্যামপুৰত আক্কাছ আলী নামৰ কুখ্যাত ডকাইতটোৰ ঘৰত অৰ্তকিতে অভিযান চলাই অস্ত্র-শস্ত্রসহ ৬ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইত কেইটা হ’ল আনছাৰ আলী, জাভেদ আলী হাছান আলী, ফৰিদ ৰহমান আৰু শেখ ফৰিদ ৷
উল্লেখ্য যে কুখ্যাত ডকাইত আক্কাছ আলীৰ ৩ নং শ্যামপুৰৰ ঘৰত আটকাধীন আটাইকেইটা ডকাইতে মিলিত হৈ ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আৰক্ষীৰ জালত পৰে ৷
ADVERTISEMENT































