Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ থকা অপৰাধজনিত ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহানগৰীবাসীক ৷ এইবাৰ মহানগৰীত সংঘটিত হ’ল আন এক ভয়ংকৰ ঘটনা ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া এজনৰ পুত্ৰই নিজৰ ৰিহাব চেণ্টাৰত এগৰাকী যুৱতীক বান্ধি শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উদ্থাপিত হৈছে। ইউনিক বেলনেছ ফাউণ্ডেশ্যন নামৰ ৰিহাব চেণ্টাৰটোৰ স্বতাধিকাৰী ৰিকু কাশ্যপে নিজৰ ৰিহাব চেণ্টাৰত এগৰাকী যুৱতীৰ বান্ধি মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত মানৱাধিকাৰ আয়োগত ৰজু হোৱা এক গোচৰমৰ্মে আৰক্ষীক অভিযুক্তক তৎকালেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে ৷ মানৱ অধিকাৰ আয়োগৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে চেণ্টাৰটোৰ স্বত্বাধিকাৰী ৰিকু কাশ্যপক ৷































