Dhubri Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ধুবুৰীত কৰুণ ঘটনা ৷ এটা নিৰ্মীয়মাণ কে’বা মহলীয়া অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰি কৰুণ মৃত্যুক সাবটি লয় দুই ৰাজ মিস্ত্ৰীয়ে । শোকাৱহ ঘটনাটো সংঘটিত হয় যোগামায়া ঘাট অঞ্চলত ৷
ADVERTISEMENT
উল্লেখ্য যে অট্টালিকাটোৰ তৃতীয় মহলাত নিৰ্মাণৰ কামত জয়িত দুই ৰাজ মিস্ত্ৰীয়ে নিজৰ কাম কৰি থকা অৱস্থাতে তেওঁলোকে বহি থকাৰ কাঠৰ চাদ খন ভাঙি তললৈ সৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত দুয়োজন ৰাজ মিস্ত্ৰীকে ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। শোকাৱহ দুৰ্ঘটনাটিয়ে সকলোকে মিয়ম্ৰান কৰি তুলিছে।





























