Jagiroad:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মৰিগাঁও জিলাৰ জাগীৰোডত চাঞ্চল্যকৰ ঘটনা ৷মইনাজান নামৰ অঞ্চলত তেজেৰে তুমৰলি হৈ মুমূর্ষ অৱস্থাত থকা এজন লোকক উদ্ধাৰ স্থানীয় লোকে ৷ সংকটজনক অৱস্থাত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰোৱা হয় ৷ লোকজনৰ মূৰত কোৰেৰে আঘাত কৰাৰ চিন স্পষ্ট আছিল। তদুপৰি লোকজন পৰি থকা স্থানতে আছিল এখন চাইকেল আৰু তেজ লগা এখন কোৰ ৷ সন্দেহ কৰা মতে চাইকেল আৰোহী লোকজনক কোৰ খনৰে আক্ৰমণ কৰা হৈছিল ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
ADVERTISEMENT





























