Tinsukia:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:তিনিচুকীয়াত পুনৰব্যৱসায়ীক ধনদাবী আৰম্ভ কৰিছে আলফা (স্বাধীন) ই। যোৱা ১৪ আগষ্ট তাৰিখ সম্বলিত ধন দাবী পত্র নিষিদ্ধ সংগঠনটোৱে জিলাখনৰ বাণিজ্যিক নগৰ ডুমডুমাৰ কমেও ১০ জন প্রতিষ্ঠিত ব্যৱসায়ীলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে এই ব্যৱসায়ী সকল আৰক্ষীৰ দ্বাৰস্থ হৈছে। সেইঅনুসৰি আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে।
আনহাতে, আলফা (স্বাঃ)ৰ বিত্ত সম্পাদক লেফটেনেন্ট জেনেৰেল মাইকেল অসম আৰু সহকাৰী বিত্ত সম্পাদক মেজৰঅভিমন্যু অসম স্বাক্ষৰিত ধনদাবী পত্ৰখনত সংশ্লিষ্ট ব্যৱসায়ীক উদ্দেশি কোৱা হৈছে, ‘এই পত্রযোগে আপোনাৰ/আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ বিত্তীয় পুঁজিৰ বাবে নগদ ১৫ লাখ টকাৰ বৰঙণি বিচৰা হৈছে। আশা ৰাখিছো আপোনাৰ/আপোনালোকৰ প্ৰতিষ্ঠানৰ সৌহার্দ্যমূলক প্রতিযোগিতাই আমাক উৎসাহিত কৰাৰ লগতে আলফা (স্বাধীন)ই অৱতাৰণা কৰা সম্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱ আগবঢ়াই নিয়াত অৰিহণা যোগাব।’ দাবী কৰা ধন আদায় নিদিলে ব্যৱসায়ীসকলক গুৰুতৰ পৰিণামৰ ভাবুকি দিয়া হৈছে বুলিও সূত্রই জনায়। আনহাতে, এই ধনদাবী পত্ৰ লাভ কৰাৰ পাছতে ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ লাগিছে। দীর্ঘদিনৰ মূৰত পুনৰ সংঘটিত এনে ধৰণৰ ঘটনাই ব্যৱসায়ীসকলক মানসিকভাৱে ভাঙি পেলোৱা বুলিও সূত্রই সদৰী কৰিছে। সূত্ৰই জনোৱা মতে, বিগত কিছুদিনৰ ভিতৰত ডাকযোগে আৰু কোনো কোনো ক্ষেত্ৰত হাতে হাতে এই পত্র প্রদান কৰিছে সংগঠনটোৱে।






























