সত্ৰাধিকাৰ গহণচন্দ্ৰ গোস্বামী সোঁৱৰণী উদ্যান আৰু কলাকৃষ্টি বিকাশ কেন্দ্ৰ, তেজপুৰৰ সৌজন্যত অলপতে সন্ধিয়া গহন উদ্যানৰ মঞ্চত সফলতাৰে মঞ্চস্থ হৈ যায় এখন ব্যতিক্ৰমী নাটক। অশ্বিনী বৰাৰ ৰচনা আৰু পৰিচালনাত ‘ইনটিমেট থিয়েটাৰ’ আৰ্হিত মঞ্চস্থ হোৱা নাটকখনৰ নাম আছিল “এটি প্ৰেমৰ গল্প”।নাটকখনৰ আটাইতকৈ আচৰিত আৰু উল্লেখনীয় দিশটো আছিল কোনো ধৰণৰ পূৰ্ব-আখৰা নকৰাকৈয়ে, কেৱল ‘প্ৰেজেঞ্চ অফ মাইণ্ড’ আৰু সৃষ্টিশীলতাৰ জোৰত ইয়াক সফলতাৰে প্ৰদৰ্শন কৰা হয়।কোনো আখৰা নোহোৱাকৈ, কেৱল স্ক্ৰিপ্ট পঢ়িয়েই প্ৰতি মুহূৰ্তৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ বাস্তৱিক আৱহ সংগীত প্ৰদান কৰা হয়। যিয়ে নাটকখনৰ গতিশীলতাক এক উচ্চ শিখৰলৈ লৈ যায় বুলি উপস্থিত দৰ্শকে প্ৰশংসা কৰে।
নাটকৰ টিমৰ সৈতে কেৱল ফোনৰ বাৰ্তালাপ আৰু স্ক্ৰিপ্টৰ সহায়ত লাইট ডিজাইনাৰ উজ্জ্বল শইকীয়াই মঞ্চত ডবাপিটা বৰষুণ আৰু চলন্ত ৰেলযাত্ৰাৰ এক আশ্চৰ্যজনক কাৰিকৰী দৃশ্য লাইটৰ জৰিয়তে ফুটাই তোলে। নাটকখনৰ কেন্দ্ৰবিন্দু আছিল অভিনেতা অশ্বিনী বৰা, দৰ্শনা বি মহন্ত আৰু অৱনী বৰাৰ বলিষ্ঠ অভিনয়। পূৰ্বৰ কোনো আখৰা নোহোৱাকৈ কেৱল স্ক্ৰিপ্ট পঢ়ি আয়ত্ব কৰিয়েই তেওঁলোকে মঞ্চত যি সাৱলীল আৰু প্ৰাণৱন্ত অভিনয় প্ৰদৰ্শন কৰিলে, সি নাট্য ইতিহাসত এক বিৰল উদাহৰণ। প্ৰায় ৪৫ মিনিট দৈৰ্ঘ্যৰ এই নাটকখনৰ জৰিয়তে বৰ্তমান সমাজৰ নিবনুৱা সমস্যা, অভাৱ-অনাটন, জীৱনৰ সংঘাত, দুখ-দৰিদ্ৰতা আৰু কিছু আৰক্ষীলোকৰ দুৰ্নীতি ব্যৱস্থাৰ ছবিখন দাঙি ধৰাৰ লগতে প্ৰেম আৰু জীৱন জীয়াই ৰখাৰ এক বলিষ্ঠ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা হয়।
নাটকখন সমাপ্ত হোৱাৰ পিছতো উপস্থিত দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে আৰু প্ৰায় আধা ঘণ্টাতকৈও অধিক সময় মঞ্চত উপস্থিত থাকি নিজৰ আপ্লুত অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত বিশিষ্ট সমাজসেৱক জীতেন বৰঠাকুৰ প্ৰমুখ্যে বাণ থিয়েটাৰৰ নিয়মীয়া অভিনয় শিল্পী তাজ হুছেইন, তিলক নাথ, মুন ডেকা আৰু বিপ্লৱ শৰ্মায়ো নাটকখন উপভোগ কৰি উচ্চ প্ৰশংসা কৰে। এক ব্যতিক্ৰমী প্ৰয়াস হিচাপে নাটকখনে বৰ্তমান তেজপুৰৰ নাট্যপ্ৰেমীৰ মাজত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।নাটক খনৰ আৱহ সংগীত দিগন্ত কুমাৰ ভূঞাৰ আৰু মাইকত আছিল ৰূপক ভৰালী৷
ADVERTISEMENT
































