HD has ordered an investigation against Cosmo Medical:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰৰ জিএছ ৰোডৰ চুপাৰ মাৰ্কেটস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্রদান কৰিছে।
ৰাজ্যৰ স্বাস্থ্যসেবা সঞ্চালকালয়ে লোকনির্মাণ, প্রদূষণ নিয়ন্ত্রণকে ধৰি কে’বাটাও বিভাগক সংলগ্ন কৰি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক তদন্ত কৰাৰ নিৰ্দেশনা প্রদান কৰিছে। শেহতীয়াকৈ ক্ষেত্ৰীত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত আহতৰ চিকিৎসাৰ নামত বিনা চিকিৎসাই বিল আদায় কৰাৰ অভিযোগ চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপিত হৈছিল। তাৰ পাছতে স্বাস্থ্য বিভাগে তদন্তৰ নিৰ্দেশ প্রদান কৰিছে।
হাস্পতালখনৰ অট্টালিকা, প্রদূষণ নিয়ন্ত্রণ বিভাগৰ আনুমোদন, অগ্নিনির্বাপক বাহিনীৰ অনুমোদন, চিকিৎসালয়ৰ অনুজ্ঞাপত্র, সংক্রমণ প্ৰতিৰোধ-নিয়ন্ত্ৰণ ব্যৱস্থা, জনস্বাস্থ্য আদি বিষয়ত তদন্ত কৰিবলৈ হেঙেৰাবাৰিস্থিত স্বাস্থ্য সেৱা সঞ্চালকে উজানবজাৰস্থিত কামৰূপ মহানগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক চিইএ/ই-৭৯৯১৯৭/১৩৩ নম্বৰ পত্রযোগে নির্দেশ প্রদান কৰিছে।
নির্দেশনাত স্বাস্থ্য সেৱা সঞ্চালকে উল্লেখ কৰা মতে তদন্তত বিশেষভাৱে আন্তঃগাঁথনিৰ মানদণ্ড, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা, অগ্নি-নিৰাপত্তাৰ ব্যৱস্থা, পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা, বিধিগত অনুমোদন/অনুজ্ঞাপত্র আৰু চিকিৎসালয় এখন পৰিচালনাৰ বাবে নিৰ্ধাৰিত অন্যান্য বাধ্যতামূলক আৰু প্রয়োজনীয় ব্যৱস্থা আছে নে নাই সেয়া তদন্তত সামৰি ল’ব লাগিব।
অগ্নিনির্বাপন ব্যৱস্থাৰ ম্যাদ উকলি যোৱাৰ অভিযোগো চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপিত হৈছে। এই তদন্তত আৱৰ্জনাৰ ব্যৱস্থা আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰপ্ৰয়োজনীয়তা পূৰণ কৰা হৈছে নে নাই, সেই সন্দর্ভত প্রতিবেদনত উল্লেখ কৰিব লাগিব। চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা, জনস্বাস্থ্য
আৰু অন্যান্য বাধ্যতামূলক বিধিগত অনুপালনৰ স’তে জড়িত আন যিকোনো সক্ষম বিধিগত কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় বিষয়সমূহো প্রতিবেদনত উল্লেখ কৰিব লাগিব। সকলো বিষয় সামৰি সামূহিক প্রতিবেদন শীঘ্রে দাখিল কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে স্বাস্থ্য সেৱা সঞ্চালকালয়ে।
উল্লেখ্য যে যোৱা ৩০ আগষ্টত ক্ষেত্রীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত আহত লোকৰ পৰিয়ালৰ পৰা চিকিৎসাৰ নামত অত্যাধিক ধন আদায় লোৱাৰ অভিযোগ চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপন হৈছিল। কচমো হাস্পতালৰ বিৰুদ্ধে উত্থাপিত হয়। এই তদন্তৰ নিৰ্দেশক আদৰণি জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে। এই সন্দর্ভত সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য সেৱা সঞ্চালক আৰু স্বাস্থ্য বিভাগৰ কামৰূপ মহানগৰ জিলাৰ যুটীয়া সঞ্চালকলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল।






























