Zubeen khetra:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আজিৰে পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোৱঁৰণত তিনিদিনীয়াকৈ জুবিন ক্ষেত্ৰত অনুষ্ঠিত হৈছে জুবিন দিৱস৷ কলাগুৰু ফাউণ্ডেচন৷ জুবিন ন্যাস, জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ যৌথ উদ্যোগত আয়োজিত জুবিন দিৱসৰ শুক্ৰবাৰৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় বিভিন্ন ধৰ্মালম্বী লোকৰ দ্বাৰা সৰ্বধৰ্ম প্ৰাৰ্থনা ৷

বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র৷ হিন্দু, মুছলিম, শিখ, জৈন, খ্রীষ্টান সকলোৱে অংশ ল’লে সর্বধর্মীয় প্রার্থনাত। এই অনুষ্ঠানতে সেমেকা দুচকুৰে প্রিয়তমক সুঁৱৰি কপালত চন্দনৰ ZG তিলক লগাই জিকিৰ দলৰ স’তে একেলগে জিকিৰ গালে জুবিনৰ সহধৰ্মিনী গৰিমা গাৰ্গ শইকীয়াই ৷ADVERTISEMENT






























