GAUHATI HIGH COURT:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অনুপ্ৰৱেশকাৰীৰ গোচৰ চলি থকাৰ মাজতে ভাৰতৰ নাগৰিক বুলি একাধিক লোকে পাছপ’র্ট লাভ কৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত। ইয়াকে লৈ ন্যায়ালয়ে গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে। সেয়েহে ইয়াৰ বিস্তৃত তদন্তকৰি ৪৫ দিনৰ ভিতৰত ন্যায়ালয়ত প্রতিবেদন দাখিল কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধানক উচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে।
উল্লেখ্য যে বিদেশী ন্যায়াধিকৰণে অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা এগৰাকী মহিলাসহ দুজন লোকৰ হাতত ভাৰতীয় পাছপ’ৰ্ট থকাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহে। বিদেশী ন্যায়াধিকৰণে অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা ৰায়ক প্ৰত্যাহ্বান জনাই শেহতীয়াকৈ উচ্চ ন্যায়ালয়খনৰ দ্বাৰস্থ হয় দক্ষিণ শালমাৰা-মানকাচৰৰ চালেকা খাতুন নামৰ এগৰাকী মহিলা। নিজকে ভাৰতীয় বুলি দাবী কৰি অন্যান্য নথিৰ লগতে মহিলাগৰাকীয়ে তেওঁৰ নামত থকা ভাৰতীয় পাৰপত্ৰখনো দখিল কৰে। ন্যায়ালয়ৰ শুনানীত পোহৰলৈ আহে যে চালেকা খাতুনক ২০১৮৩ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা হৈছিল।
সেই সম্পৰ্কীয় গোচৰটো চলি থকাৰ সময়তে খাতুনে ভাৰতীয় পাৰপত্ৰ লাভ কৰে। এয়া কিদৰে সম্ভৱ বুলি ন্যায়ালয়ৰ শুননিকালত প্রশ্ন উত্থাপন হয়। কাৰণ এজন ব্যক্তিয়ে পাৰপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আৰক্ষীয়ে আবেদনকাৰীৰ সকলো তথ্য পৰীক্ষা কৰিহে পাৰপত্ৰ লাভ কৰা-নকৰাৰ যোগ্যতা বিচাৰ কৰে। তেনেস্থলত অনুপ্ৰৱেশকাৰীৰ অভিযোগত গোচৰ চলি থকাৰ সময়তে মহিলাগৰাকীয়ে কিদৰে পাৰপত্ৰ লাভৰ যোগ্যতা আহৰণ কৰিলে তাকে লৈ ন্যায়ালয়ে আশ্চর্য প্রকাশ কৰে।
ইয়াৰ কেইদিনমান পূর্বেও আন এজন লোকৰ ক্ষেত্ৰত একে ধৰণৰ তথ্য ন্যায়ালয়খনৰ মজিয়াত উন্মোচিত হৈছিল। হোজাইৰ আহমেদ হুছেইন নামৰ ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত লোক এজনৰ ক্ষেত্ৰত এনে তথ্য পোহৰলৈ আহে। ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহ্বান জনাই আহমদ হুছেইন উচ্চ ন্যায়ালয়খনৰ দ্বাৰস্থ হয়। নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ হুছেইনে বিভিন্ন নথিৰ লগতে নিজৰ নামত থকা ভাৰতৰ পাৰপত্ৰখনো দাখিল কৰে। এই গোচৰটোৰ শুনানীত পোহৰলৈ আহে যে হুছেইনৰ বিৰুদ্ধে অনুপ্ৰৱেশকাৰী বুলি ২০১২ত গোচৰ ৰুজু হৈছিল। আনহাতে, ২০১৩ ৰ ৩০ মে’ত হুছেইনে ভাৰতৰ পাৰপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদনখন অৱশ্যে উচ্চ ন্যায়ালয়ত যোৱা ১১ ছেপ্টেম্বৰত খাৰিজ হয়।
আবেদনখন খাৰিজ কৰি ন্যায়ালয়ে পাৰপত্ৰৰ বিষয়টোৰ তদন্তৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। ইয়াৰ পাছতে যোৱা ১৮ ছেপ্টেম্বৰত চালেকা খাতুনৰ ক্ষেত্ৰতো অনুৰূপ ঘটনাৰ তথ্য ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহে। এনেদৰে উপর্যুপৰি দুটাকৈ উদ্বেগজনক তথ্য পোহৰলৈ অহাত ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্রধানক বিস্তৃত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে।
ADVERTISEMENT































