J & kashmir Assembly:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:জম্মু-কাশ্মীৰ বিধানসভা অধিৱেশনৰ মাজতে শুকুৰবাৰে এক উত্তাল পৰিবেশৰ সৃষ্টি হয় ৷মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছ বিধান সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক’লা পোষ্টাৰ আৰু প্লেকাৰ্ড লৈ শ্ল’গান দিয়া কংগ্ৰেছ বিধায়ক সকলক উভতি ধৰে বিজেপি বিধায়ক সকলে ৷ যাৰবাবে তীব্ৰ বাক-বিতণ্ডাৰ পাছত ৰণক্ষেত্ৰ সদৃশ পৰিস্থিতি হয় সদনত। কংগ্ৰেছ বিধায়ক সকলৰ প্ৰতিবাদত সমৰ্থন জনাই শাসকীয় নেচনেল কনফাৰেন্সৰ বিধায়ক সকলেও ৷

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ ভয়ংকৰ জালিয়াতিৰ বিৰুদ্ধে আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত আজি এআইচিচিয়ে দেশব্যাপি প্ৰতিবাদ কাৰ্যসূচীৰ আহ্বান জনাইছিল ৷































