IndiaRichList : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ফ’বৰ্ছৰ ২০২৬ৰ ভাৰতৰ সবাতোকৈ ধনাঢ্য ১০০ ব্যক্তিৰ তালিকাত আকৌ এবাৰ শীর্ষস্থান লাভ কৰিলে গৌতম আদানীয়ে। তিনি বছৰৰ পাছত আদানী গোষ্ঠীৰ মুৰব্বীয়ে ফ’বৰ্ছৰ ধনাঢ্য ভাৰতীয়ৰ ১০০ৰ তালিকাত প্ৰথম স্থান দখল কৰে।
ফ’বৰ্ছৰ তথ্য অনুসৰি, এই মুহূৰ্তত আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানী আৰু তেওঁৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১০.৮৫ লাখ কোটি টকা অর্থাৎ ১১,২৭০ কোটি ডলাৰ।
যোৱা বছৰৰ তুলনাত আদানীৰ সম্পত্তি বর্তমানে ১.৯৯ লাখ কোটি টকা অর্থাৎ ২০৭০ কোটি ডলাৰ বৃদ্ধি পালে। স্মৰ্তব্য যে ২০২২ত আদানীৰ সম্পত্তিৰ পৰিমাণ সর্বাধিক ১৪.৪৩ লাখ কোটি টকা অর্থাৎ ১৫,০০০ কোটি ডলাৰলৈ বৃদ্ধি পাইছিল। কিন্তু ইয়াৰ পাছতে আদানীৰ সম্পত্তিৰ পৰিমাণ ক্রমে হ্রাস পাবলৈ ধৰিছিল।
শেহতীয়াভাৱে এইজন ভাৰতীয় ধনাঢ্যৰ সম্পত্তিৰ পৰিমাণ পুনৰ দ্রুত বৃদ্ধি পোৱাত আদানী আকৌ এবাৰ ভাৰতৰ সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত হ’ল। আদানীৰ এই উত্থানৰ বিপৰীতে ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ১.৮০ লাখ কোটি টকা হ্ৰাসৰ ফলত ৮.৩ লাখ কোটি টকালৈ অৱনমিত হ’ল।
ফ’বৰ্ছৰ ভাৰতীয় ধনাঢ্যৰ তালিকাত আম্বানীৰ স্থান দ্বিতীয়লৈ হ্রাস পালে। ৰিলায়েন্সৰ শ্বেয়াৰ মূল্য হ্রাস পোৱাৰ কাৰণত আম্বানীৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে। ফ’বৰ্ছৰ তালিকাত এইবাৰ চাৰিটা নতুন নাম কৃষ্ণা চিবুকুলা, কে কুশল, চৈতন্য দেশাই, আদিত্য খেমকা আৰু বিৰানী বন্ধুৰ অন্তৰ্ভুক্ত হৈছে।
কুশল আৰু চৈতন্যৰ সম্পত্তি ৪০,৮৯৮ কোটি টকা, খেমকাৰ সম্পত্তি ৩৪,৬৪৩ কোটি টকা বুলি ফ’বৰ্ছৰ প্ৰতিবেদনত উল্লেখ কৰিছে। ভাৰতৰ ১০০ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯৬.২৩ লাখ কোটি টকা। এই সম্পত্তিৰ ১১.৩ শতাংশৰ অধিকাৰী হৈছে আদানী আৰু ৮.৬ শতাংশৰ অধিকাৰী হৈছে আম্বানী।































