WestKarbiAnglong: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পশ্চিম কাৰ্বি আংলংঙৰ। নৱগঠিত। ১১১ন’ ৰংখাং সমষ্টি হাৱাইপুৰ–জিৰিমবৰ্হলী-গুহাগাঁও পথ পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ,বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰো অহা যোৱাত দূৰৱস্থা পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ চাৰিআলিৰ পৰা হাৱাইপুৰ গুহাগাঁওলৈ যোৱা একাধিক পকী পথ বৰ্তমান জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। একাংশ অতিৰিক্ত ওজন কঢ়িয়াই নিয়া ডাম্পাৰৰ অবাধ চলাচলৰ ফলতেই পথসমূহৰ এই দুৰৱস্থা সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অধিক লাভৰ আশাত একাংশ ডাম্পাৰে নিৰ্ধাৰিত সীমাতকৈ অধিক পৰিমাণৰ শিল, বালি, ৰাবিচ আদি কঢ়িয়াই হোজাই জিলাৰ পিপল পুখুৰীত অৱস্থিত ডালমিয়া চিমেণ্ট কোম্পানীলৈ নিয়মিতভাৱে অহা-যোৱা কৰে। ফলস্বৰূপে অতি কম সময়ৰ ভিতৰতে পথসমূহৰ অৱস্থা এনে শোচনীয় হৈ পৰিছে যে ঠায়ে ঠায়ে পথৰ ওপৰত থকা পুখুৰীসদৃশ গাঁত পাৰ হোৱাটোও দুৰ্বিষহ হৈ পৰিছে।
পথটোৰ দুৰৱস্থাৰ বাবে কেৱল সাধাৰণ পথচাৰী বা যান-বাহনৰ চালকেই নহয়, বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলেও নিতৌ যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ বৰষুণৰ সময়ত পথৰ গাঁতত পানী জমা হৈ পৰাত যাতায়াত অধিক বিপজ্জনক হৈ পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
ইফালে, পথচোৱাৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পাছৰে পৰা আজিলৈকে কোনো ধৰণৰ যথোচিত মেৰামতি বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে।
সেয়েহে অতিৰিক্ত ওজন কঢ়িয়াই নিয়া ডাম্পাৰৰ দৌৰাত্ম্য শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ লগতে জৰাজীৰ্ণ পথচোৱা বিজ্ঞানসন্মতভাৱে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
পথটোৰ দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰাৰ বাবে অতিৰিক্ত বোজাই কঢ়িওৱা গধুৰ যান-বাহনৰ ক্ষেত্ৰতো কঠোৰ নিয়ম প্ৰয়োগৰ দাবী উত্থাপন কৰিছে ৰাইজে।



































