NobelPrizeInPhysics : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ আগবঢ়োৱা অৱদান আৰু জ্যোতিৰ্বৈজ্ঞানিক উৎসৰ পৰা অহা উচ্চ-শক্তিৰ নিউট্ৰিনো আৱিষ্কাৰৰ বাবে মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰে ফ্ৰান্সিছ হালজেনে।
ন’বেল কমিটীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যক্ষ মাৰ্ক পিয়াৰ্ছে এক সংবাদ বিজ্ঞপ্তিত কয়, ‘‘ফ্ৰান্সিছ হালজেনে আন্তঃৰাষ্ট্ৰীয় গৱেষক আৰু অভিযন্তাৰ এটা দলৰ নেতৃত্ব দি আমাক এক অসাধাৰণ যন্ত্ৰ প্ৰদান কৰিছে। তেওঁৰ দৃঢ়তা আৰু বৈজ্ঞানিক দূৰদৃষ্টিয়ে এক নতুন ধৰণৰ জ্যোতিৰ্বিজ্ঞানৰ পথ মুকলি কৰিছে।’’
মঙলবাৰে ইটালীৰ পৰা ফোনযোগে ন’বেল কমিটীৰ স’তে কথা পাতে হালজেনে। বঁটা লাভৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘এয়া এক বৃহৎ আচৰিত ঘটনা আছিল আৰু স্পষ্টভাৱে মই ইয়াৰ আশা কৰা নাছিলোঁ।’’































