NobelPrizeInMedicine : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ীৰ নাম ঘোষণা কৰিলে ৰয়েল ছুইছ একাডেমীয়ে।অপট’জেনেটিক্স আৰু লাইট-গেটেড অর্থাৎ পোহৰৰ দ্বাৰা নিয়ন্ত্ৰিত আয়ন চেনেল সংক্রান্তীয় নতুন উদ্ভাৱনৰ বাবে আমেৰিকাৰ কাৰ্ল ডেইছেৰ’থ,জার্মানীৰ পিটাৰ হেগেমান আৰু জর্জ নাগেলক বিশ্বৰ এই সর্বোচ্চ সন্মান প্রদান কৰা হৈছে।
এই তিনি বিজ্ঞানীৰ অগ্ৰণী গৱেষণাই পোহৰ ব্যৱহাৰ কৰি মস্তিষ্কৰ নিৰ্দিষ্ট কোষৰ কার্যকলাপ নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ গৱেষকসকলক সমর্থ কৰি তোলে। তেওঁলোকৰ এই গৱেষণাই স্নায়ুবিজ্ঞানৰ ৰূপান্তৰ সাধন কৰিছে তথা কিদৰে মগজু আৰু স্নায়ুতন্ত্রই কাম-কাজ কৰে সেই সম্পৰ্কীয় গৱেষণাৰ নতুন দুৱাৰ মুকলি কৰি দিছে।
ন’বেল পৰিষদে কয়, ‘এটা জীৱন্ত মগজুক এজন ব্যক্তিৰ স্নায়ুকোষসমূহৰ কাৰ্যকলাপ বন্ধ কৰাৰ অথবা মুকলি কৰাটো অপট’জেনেটিক্সে সম্ভৱ কৰি তোলে। এই প্রক্রিয়া এতিয়া বিশ্বজুৰি মগজুৰ ৰহস্য ফাদিল কৰিবলৈ পৰীক্ষাগাৰসমূহত ব্যৱহাৰ কৰা হয়।
উল্লেখ্য যে ৫৪ বছৰীয়া ডেইছেৰ’থ হৈছে এজন আমেৰিকাবাসী, বাকী দুই ৭১ বছৰীয়া হেগেমান আৰু ৭৩ বছৰীয়া নাগেল জার্মান লোক। পুৰস্কাৰ হিচাপে এক কোটি ২০ লাখ ছুইডিছ ক্রোনা (প্রায় ১১.৫০ কোটি টকা) তেওঁলোকৰ মাজত ভগাই দিয়া হ’ব।
ডাইছেৰ’থ হৈছে আমেৰিকাৰ ষ্টেনফ’র্ড বিশ্ববিদ্যালয় আৰু হার্ভার্ড হিউজ মেডিকেল ইনষ্টিটিউটৰ বিজ্ঞানী। হেগোমেন বার্লিনৰ হুমবোল্ট বিশ্ববিদ্যালয়ৰস নাগেল সেই দেশৰে ভুৎসবুর্গ বিশ্ববিদ্যালয়ৰ অধ্যাপক। হেগোমেন আৰু নাগেলে স্বকীয় ভ্রূণ সম্পন্ন ‘চেনেলৰোডপচিন’ নামৰ এটা প্ৰ’টিন আৱিষ্কাৰ কৰে।
তেওঁলোকে দেখে যে এই প্র’টিন যিকোনো ধৰণৰ কোষতে ব্যৱহাৰ কৰা নহওক কিয়, সেই কোষ পোহৰৰ প্ৰতি সংবেদনশীল হৈ পৰে। ডাইছৰ’থে পৰৱৰ্তী সময়ত এই প্ৰ’টিনক স্নায়ুকোষৰ বাবে এটি পোহৰ নিয়ন্ত্রিত ছুইচ হিচাপে ব্যৱহাৰৰ পদ্ধতি আৱিষ্কাৰ কৰে। নীলা পোহৰৰে কোষ প্রজ্বলিত কৰি তেওঁ স্নায়ু সংবেদনশীল কৰি তুলিব পাৰিছিল।
পৰৱৰ্তী পৰ্যায়ত তেওঁ প্ৰদৰ্শন কৰে যে এই পোহৰ নিয়ন্ত্ৰিত ছুইচ জীৱন্ত নিগনিৰ মগজুৰ স্নায়ুকোষ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ন’বেল কমিটীৰ মতে, এই নতুন আৱিষ্কাৰৰ সৰ্বাধিক প্রয়োজনীয় ব্যৱসায়িক সাফল্য দেখা যাব মস্তিষ্ক আৰু চকু চিকিৎসাত।































