দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীকে ধৰি আঠজন সাংসদ বঞ্চিত হ’ল ৰাজ্যসভাৰ প্রার্থিত্ব লাভৰ পৰা। উত্তৰ প্ৰদেশত অহা ১৬ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰা আঠজনীয়া প্ৰাৰ্থীৰ তালিকাত পুৰীৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বনোৱাৰী লাল বাৰ্মাৰ নামো নাই।
তদুপৰি নাম নাই এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি ব্যাপকভাৱে চৰ্চিত হোৱা স্মৃতি ইৰানী আৰু বৰুণ গান্ধীৰো। ইয়াৰ লগে লগে কেন্দ্ৰীয় মন্ত্রীসভাৰ পৰাও পুৰী আৰু বাৰ্মাৰ বিদায় আসন্ন বুলি চর্চা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ নির্বাচনত ২০২০ত বিজয়ী হোৱা পুৰী, বানোৱাৰী লালসহ আঠজন সাংসদৰ নামেই কৰ্তন কৰিলে বিজেপিয়ে।
এইসকলৰ ভিতৰত আৰু দুই চর্চিত নাম হৈছে দেশৰ প্ৰয়াত প্রাক্তন প্রধানমন্ত্রী চন্দ্রশেখৰৰ পুত্ৰ নিৰোজ শেখৰ আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ প্রাক্তন সঞ্চালকপ্রধান বিজলাল।
এইবাৰ উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ ১০খন আসনত নির্বাচন হ’ব। নির্বাচনী অংক অনুসৰি, বিজেপিৰ সাতজন আৰু প্ৰধান বিৰোধী দল সমাজবাদী পার্টি (এছপি)ৰ দুজন বিজয়ী হোৱাৰ সম্ভাৱনা আছে।
সমাজবাদী পার্টিয়ে এই পর্যন্ত প্রবীণ নেতা ৰামগোপাল যাদৱ আৰু উদ্যোগপতি ধনকুৱেৰ পৰিমল নাথাৱানিক প্রার্থিত্ব দিছে। ইপিনে, অষ্টম আসনত বিজয়ী হোৱাৰ বাবে প্রয়োজনীয় বিধায়ক নাই যদিও বিজেপিয়ে প্রার্থিত্ব দিছে।
সমাজবাদী পার্টিয়েও তৃতীয়জন প্রার্থী প্রক্ষেপ কৰিব বুলি ঘোষণা কৰিছে। এনে হ’লে প্রতিদ্বন্দ্বিতা অনিবার্য হ’ব। ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰা আঠজন প্রার্থী হ’ল ধর্মপাল সিং, ৰাধাকান্ত ওঝা, প্রকাশ পাল, বিদ্যাসাগৰ সোনকৰ, গোপীকৃষ্ণ পাণ্ডে, প্রিয়ংকা সিং ৰাৱট, ৰামপ্রতাপ সিং চৌহান আৰু শ্রুতি গাংগোৱাৰ।
উল্লেখ্য যে ২০১৮ৰ জানুৱাৰীত উত্তৰ প্ৰদেশৰ পৰা বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ উপ-নিৰ্বাচনত বিজয়ী হৈছিল প্রাক্তন কূটনীতিবিদ পুৰী। ২০২০ৰ নৱেম্বৰত উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত পুনৰ বিজয়ী হোৱা পুৰীৰ ম্যাদ ৩০ নৱেম্বৰত অন্ত পৰিব।
২০২১ আৰু ২০২৪ৰ মোদী চৰকাৰৰ দুয়োটা কার্যকালতে তেওঁ মন্ত্রিত্ব লাভ কৰে। বিগত দিনকেইটাত এই প্রার্থী তালিকাক লৈ জল্পনা-কল্পনা অব্যাহত আছিল পুৰীৰ লগতে ইৰানী আৰু দলৰ শীর্ষ নেতা হৰিশ দ্বিবেদীয়েও টিকট পাব বুলি চর্চা হৈছিল।































