দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দল-সংগঠনৰ দাবী আৰু বিষয়টোক লৈ ধাৰাবাহিকভাৱে প্ৰকাশিত বাতৰিৰ পাছত অৱশেষত নিলম্বিত হ’ল চিৰাং জিলাৰ বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল মাঞ্জান।
চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে এক নিৰ্দেশ জাৰি কৰি প্ৰধান শিক্ষকগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে।
উল্লেখ্য যে, যোৱা ২৭ ছেপ্টেম্বৰৰ নিশা ভাংনামাৰী হাইস্কুলত সংঘটিত হৈছিল এক ৰহস্যজনক চুৰিকাণ্ড। দুৰ্বৃত্তই বিদ্যালয়খনৰ আলমিৰাৰ তলা ভাঙি দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ এৰাবিকৰ প্ৰশ্নকাকতৰ টোপোলা চুৰি কৰাৰ লগতে সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু হিন্দী বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলা ফলা অৱস্থাত উদ্ধাৰ হৈছিল।
ইয়াৰ পাছতে উক্ত বিষয়সমূহৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হয়। ঘটনাটোক লৈ আছু, এবছু, এবিএমছু, যুৱ বিপিএফ আৰু BSU-ৰ তৰফৰ পৰা উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰা হৈছিল।
প্ৰশ্নকাকত ফাদিলৰ স’তে জড়িত কালপ্ৰিতৰ বিৰুদ্ধে উচিত তদন্তৰ লগতে তেওঁক গ্ৰেপ্তাৰ আৰু চাকৰিৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল চিৰাং জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীয়ে।
অন্যথা ১৪ অক্টোবৰৰ পৰা পুনৰ অনুষ্ঠিত হ’বলগীয়া চাৰিটা পৰীক্ষা এবছুৱে সমৰ্থন নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিছিল। লগতে আগন্তুক দিনত এবছুৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও মন্তব্য প্ৰকাশ কৰিছিল।































