Mongaldoi:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নাম-প্ৰসংগ, কোৰাণ পাঠ, গীতা পাঠ, কীৰ্তন পাঠ, বৰগীত আৰু জিকিৰৰ সুৰীয়া ধ্বনিৰে মঙলদৈৰ ডঃ ভূপেন হাজৰিকা নগৰস্থিত ছহিদ মোজাম্মিল হক ভৱন ক্ষেত্ৰত দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ঊনবিংশ কেন্দ্ৰীয় মাতৃভাষা দিৱস আধ্যাত্মিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পালন কৰা হয়।
৬ অক্টোবৰত জাতীয় ছহিদ মোজাম্মিল হকৰ ৫৫ সংখ্যক মৃত্যু তিথি উপলক্ষে আয়োজিত এই অনুষ্ঠানত জাতীয় বীৰ ছহিদগৰাকীৰ লগতে জনতাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈও গভীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
দুদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে কালি ৫ অক্টোবৰত অনুষ্ঠিত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৬’ অসমৰ কোকিলকণ্ঠী গায়িকা, ‘মেল’ডী কুইন’ খ্যাত তথা কাৰ্বি লোকসংগীত আৰু আধুনিক সংগীতৰ প্ৰখ্যাত কণ্ঠশিল্পী পদ্মশ্ৰী পখিলা লেপথেপিক আবেগিক পৰিৱেশৰ মাজত প্ৰদান কৰা হয়।
ইফালে, অসম চৰকাৰৰ গৰিয়া উন্নয়ন পৰিষদৰ মঞ্জুৰীৰে অধ্যক্ষ হাফিজুল হক, উপাধ্যক্ষ মোস্তাক উদ্দিন আহমেদ আৰু সদস্যদ্বয় ৰছিদ আহমেদ আৰু তবজুল হকৰ উপস্থিতিত দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যালয় ‘ছহিদ মোজাম্মিল হক ভৱন’ নিৰ্মাণৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী নীলিমা দেৱীয়ে।
আজি দ্বিতীয় দিনৰ সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে কেন্দ্ৰীয় মুখ্য উপদেষ্টা তথা ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি ড০ চহিৰ ভূঞাই। নাম-প্ৰসংগ উদ্বোধন কৰে আপকুৰ দৰং জিলা সমিতিৰ সম্পাদক তথা সাংবাদিক পংকজ শৰ্মাই। সন্ধিয়াৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।
উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী নীলিমা দেৱী বিশেষভাৱে উপস্থিত থকা সামৰণি মাংগলিক কাৰ্যসূচীত জিলাখনৰ শতাধিক গণ্য-মান্য লোকে অংশগ্ৰহণ কৰে। উপস্থিতসকলৰ ভিতৰত দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি কুঞ্জ দেৱী, সম্পাদক মৃণাল কুমাৰ ৰাজবংশী, পত্ৰিকা সম্পাদক ৰাজেন্দ্ৰ নাথ হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মুকুট চন্দ্ৰ হাজৰিকা, অখিল কলিতা, ছৈয়দ মাৰুখ হুছেইন, মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুণুমণি লহকৰ, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া, দৰং জিলা পৰিষদৰ সদস্য অনিতা ৰাজবংশী, ব্ৰিলিয়েণ্ট একাডেমীৰ সঞ্চালক ঋত্বিক চৌধুৰী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বাসব চন্দ্ৰ ডেকা আৰু মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ অন্যতম।
দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত কোৰাণ পাঠ কৰে মুফটি মহম্মদ তাজনুৰ আলিয়ে। গীতা পাঠ কৰে পুৰোহিত হিৰণ্য কাশ্যপে আৰু কীৰ্তন পাঠ কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াই।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বৰগীত পৰিৱেশন কৰে কবিতা কুমাৰী বৰডেকাই। তেওঁৰ নেতৃত্বত মহিলা নামতীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰে।
অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং জিলা পৰিষদৰ সদস্য অনিতা ৰাজবংশী, সমাজকৰ্মী জিঙ্কল আলি, কলাইগাঁও পৌৰসভাৰ পৌৰপতি কৃষ্ণ কান্ত বড়ো প্ৰমুখ্যে বিশিষ্ট লোকসকলে ভাষণ প্ৰদান কৰি ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে এনে গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয়।
দুদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফজলুল হক আৰু সাধাৰণ সম্পাদকদ্বয় বাপুকণ আটাউৰ ৰহমান আৰু ছাদ্দাম হুছেইনে।




































